নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ শালবাৰীত মছজিদৰ ভিতৰত থকা ধৰ্মগ্ৰন্থ জ্বলালে দুৰ্বৃত্তই

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ বাক্সাৰ শালবাৰীৰ গোৱৰ্দ্ধনা থানাৰ অন্তৰ্গত কালপানী আঞ্চলিক মছজিদত থকা ১৪ খন ধৰ্মগ্ৰন্থ জ্বলাই ভস্মীভূত কৰে দুৰ্বৃত্তই৷ উক্ত ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি  সৃষ্টি হৈছিল কালপানীত। উত্তেজিত ৰাইজে মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ অৱৰোধ , টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ২৪ ঘন্টাৰ ভিতৰত দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী কৰে মছজিদ পৰিচালনা সমিতিয়ে৷
ঘটনাস্থলীত বাক্সা জিলা আৰক্ষী অধিক্ষক,অতিৰিক্ত আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া, শালবাৰী মহকুমাৰ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
উল্লেখ্য যে পূৰ্বতেও কোনো অচিনাক্ত দুৰ্বৃত্তই গাহৰি মাংস থৈ গৈছিল মছজিদটোত ৷ বিটিচি নিৰ্বাচনৰ পূৰ্বে সংঘটিত হোৱা এনে অনাকাংক্ষিত ঘটনাক ধিক্কাৰ গৰিহনা বাক্সা জিলা আমছু, শালবাৰী জিলা এবিএমছু, আদিবাসী ছাত্ৰ সন্থা, পি এফ আই, ইউ পি পি এল, বিপিএফৰ লগতে শালবাৰী আৰু মথনগুৰীৰ সমষ্টিৰ এমচিএলএ চক্ৰধৰ দাস,গৌতম দাসৰ লগতে বিভিন্ন দল সংগঠনৰ৷

You might also like