নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগৰুম্বা–চিফুঙৰ সুৰত মুখৰ দাউহাৰু ক্ষেত্র

খৈৰাবাৰীত আৰম্ভ বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক অধিৱেশন

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু ক্ষেত্রত সোমবাৰৰ পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক অধিৱেশন ৷ তিনিদিনীয়া কার্যসূচীৰে আয়োজিত বড়োসকলৰ জাতীয় অনুষ্ঠানটোৰ অধিৱেশনক লৈ দাউহাৰু ক্ষেত্রৰ লগতে সমগ্র খৈৰাবাৰী এলেকাত সৃষ্টি হৈছে উদুলি–মুদুলি পৰিৱেশ ৷ বড়ো লোকনৃত্যৰ অনুশীলন আৰু বাগৰুম্বা–চিফুঙৰ সুৰে এক অনন্য মাত্রা প্রদান কৰিছে দাউহাৰু ক্ষেত্রক ৷ মূল খৈৰাবাৰী চহৰৰ পৰা অধিৱেশনথলীলৈ প্রায় দুই কিলোমিটাৰ পথছোৱা চিকুণাই তোলাৰ লগতে দাউহাৰু ক্ষেত্র সংযোগী সকলো পথ সজাই–পৰাই তোলা হৈছে ৷

বিভিন্ন দল–সংগঠন, অনুষ্ঠান–প্রতিষ্ঠান আদিয়ে অধিৱেশনলৈ অহা প্রতিনিধি–ভ্যাগতস আদৰণি জনাই নির্মাণ কৰা অর্ধশতাধিক তোৰণে পথ আৰু অধিৱেশনথলীৰ সৌন্দর্য বঢ়াই তুলিছে৷ অধিৱেশনথলীত স্বচ্ছতা বজাই ৰখাত গুৰুত্ব দিছে আদৰণী সমিতিয়ে ৷ অধিৱেশনৰ দিনকেইটাত স্বচ্ছতা বজাই ৰাখিবলৈ সদাশয় ৰাইজ–দর্শনার্থী তথা ব্যৱসায়–বাণিজ্যত জডিত সকলো লোককে আহ্বান জনাইছে আদৰণী সমিতিয়ে ৷ যুদ্ধকালীন তৎপৰতাৰে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি প্রতিনিধি–ভ্যাগতক আদৰিবলৈ সাজু হৈ উঠিছে আদৰণী সমিতি ৷ অধিৱেশনৰ মূল তোৰণ, ৰভা–মঞ্চ, অতিথিশালা, প্রতিনিধিৰ সভাগৃহ, প্রতিনিধি শিবিৰ, ভোজনালয়, প্রদর্শনী–গ্রন্থমেলা ধৰি অন্যান্য সকলো দিশৰ যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে আদৰণী সমিতিয়ে ৷

কার্যসূচী অনুসৰি সোমবাৰে পুৱা ৮.৩০ বজাত ওদালগুৰিৰ উপায়ুক্ত প্রকাশ ৰঞ্জন ঘৰফলীয়াই অধিৱেশনৰ মুখ্যদ্বাৰ (তোৰণ) উদ্ঘাটন কৰি অধিৱেশনৰ কার্যসূচীৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পাছতে ঘনকান্ত বডো সোঁৱৰণী স্বেচ্ছাসেৱক বাহিনীৰ শিবিৰ আৰু নবীন নার্জাৰী সোঁৱৰণী প্রতিনিধি শিবিৰ (পুৰুষ) মুকলি কৰে ক্রমে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ হীৰন ডেকা নার্জী আৰু মাজবাটৰ বিধায়ক চৰণ বডোৱে৷ ১০ বজাত মহিলা প্রতিনিধি শিবিৰ মুকলি কৰে সাহিত্য অকাডেমী বঁটাপ্রাপক সাহিত্যিক ড০ ৰীতা বডোৱে৷ ইয়াৰ পাছতে ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসে মুকলি কৰে ধনৰাম বডো সোঁৱৰণী অতিথিশালা ৷ বাণিজ্য মেলাৰদ্বাৰ উদ্ঘাটন কৰে বিটিচিৰ কার্যবাহী সদস্য জগদীশ সৰকাৰে৷ ১০.৩০ বজাত আদৰণী সমিতিৰ কার্যকৰী সভাপতি তথা বিধায়ক মহেশ্বৰ বড়োৱে মুকলি কৰে ভোজনালয়৷ অধিৱেশনৰ মূল ৰভা (পেণ্ডেল) মুকলি কৰে এবছুৰ উপ–সভাপতি দ্বীপেন বড়োৱে ৷ ১২.৩০বজাত বিটিচিৰ কার্যবাহী সদস্য শ্যাম চুণ্ডীয়ে উদ্বোধন কৰে প্রতিনিধি সভাগৃহ৷ ইয়াৰ পাছত প্রতিনিধি পঞ্জীয়ন কার্যালয় আৰু প্রদর্শনী–গ্রন্থমেল্ দ্বাৰ উদ্বোধন কৰে ক্রমে মহকুমাধিপতি (ভেৰগাঁও) গকুল চন্দ্র ব্রহ্ম আৰু মন্ত্রী ৰিহণ দৈমাৰীয়ে ৷

সন্ধিয়া ৫ বজাত প্রথম প্রতিনিধি বৈঠক উদ্বোধন কৰে বডো সাহিত্য সভাৰ ভূতপূর্ব সম্পাদক নীলকান্ত গয়াৰীয়ে৷ অনাতাঁৰ শিল্পী ৰজনী স্বর্গীয়াৰীয়ে উদ্বোধন কৰে নিশাৰ সাংস্কৃতিক অনুষ্ঠান৷ উল্লেখ্য যে আজি পুৱাৰে পৰা বিটিচিকে ধৰি অসমৰ ভিন্ন প্রান্তৰ পৰা অধিৱেশনথলীলৈ প্রতিনিধি, সাহিত্যানুৰাগীৰ আগমন ঘটা পৰিলক্ষিত হৈছে৷ ইপিনে, নেপাল, বাংলাদেশ, পশ্চিমবংগ, নাগালেণ্ড, মণিপুৰ, ত্রিপুৰা আদি বহিঃৰাষ্ট্র আৰু ৰাজ্যৰ প্রতিনিধিৰো সমাৱেশ ঘটিছে অধিৱেশনথলীত৷ অধ্যাপক স্কট ডিলেন্সী নামৰ এগৰাকী আমেৰিকান ভাষা গৱেষকো আহি উপস্থিত হৈছেহি অধিৱেশনত ভাগ ল’বলৈ৷ কাইলৈ পুৱা ৮বজাতবডো সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব সভাপতি তৰেণ বডোৱে৷ ৯ বজাত শ্বহীদ শ্রদ্ধাঞ্জলি কার্যসূচী মুকলি কৰিব বডো সাহিত্য সভাৰ উপ–সভাপতি কমলাকান্ত মছাহাৰীয়ে৷ বডো সাহিত্য সভাৰ প্রয়াত কর্মীসকললৈ পুষ্পাঞ্জলি অর্পণ কার্যসূচী মুকলি কৰিব বডো সাহিত্য সভাৰ উপ–সভাপতি দ্বীপক কুমাৰবসুমতাৰীয়ে৷ ১০ বজাত স্মৃতিগ্রন্থ উন্মোচন কৰিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ হিতেশ ডেকাই৷ বডো সাহিত্য সভাৰ উপ–সভাপতি ৰমেলা ইছলাৰীৰ সভাপতিত্বত হ’বলগীয়া গ্রন্থ উন্মোচনী অনুষ্ঠানত অতিথি ৰূপে অংশ ল’ব অধ্যাপক প্রাণহৰি তালুকদাৰ আৰু অধ্যাপক গণেশ ৱাৰীয়ে৷ ১১বজাৰ পৰা তৰেণ বডোৰ সভাপতিত্বত হ’বলগীয়া বঁটা প্রদান আৰু সম্বর্ধনা অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ ল’ব বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অনুষ্ঠানত সাহিত্য অকাডেমী বঁটাপ্রাপক(২০১৯) ড০ ফুকন বসুমতাৰী, সাহিত্য অকাডেমী যুৱ সাহিত্য বঁটাপ্রাপক(২০১৯) ড০ ৰুজাব মছাহাৰী, সাহিত্য অকাডেমী অনুবাদ বঁটাপ্রাপক (২০১৯) নবীন ব্রহ্ম, সাহিত্য অকাডেমী শিশু সাহিত্য বঁটাপ্রাপক (২০১৯) লক্ষ্মীনাথব্রহ্মকে ধৰি কেইবাগৰাকী সাহিত্যক–লেখক আৰু কৃতী বিদ্যার্থীক বঁটা প্রদান কৰাৰ লগতে সম্বর্ধনা জ্ঞাপন কৰিব বডো সাহিত্য সভাই৷ অনুষ্ঠানত গোবিন্দ টাইড, মমতা হোজাই প্রমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল’ব৷ সন্ধিয়া ৫ বজাত প্রতিনিধিৰ দ্বিতীয় বৈঠক৷ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াব বিগ্রাই ব্রহ্ম আৰু মেনকা বড়োৱে ৷

You might also like