নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত বুৰিল ৫৩,৩৯১ হেক্টৰ ভূমিৰ আহু–বৰো ধানৰ খেতি

নিয়মীয়া বাৰ্তা, ৬ জুনঃ আন খণ্ডসমূহৰ লগতে কৃষি খণ্ডতো ক’ভিড–১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ ব্যাপক প্রভাৱ পৰিছে৷ দীর্ঘদিনীয়া লকডাউনৰ বাবে খেতিপথাৰৰ শস্য, শাক–পাচলি বিক্রী কৰিব নোৱাৰি সর্বস্বান্ত হৈ পৰিছে ৰাজ্যৰ কৃষক৷ ভূতৰ ওপৰত দানহ পৰা দি আগতীয়া বানে খেতিপথাৰৰ ধান–মাহ বিনষ্ট কৰাত হাহাকাৰ কৰিবলগীয়া হৈছে খেতিয়কসকলে৷
   শেহতীয়া বানত ৰাজ্যৰ ৫৩,৩৯১.৩২ হেক্টৰ কৃষিভূমিত আহু আৰু বৰোধানৰ খেতি পানীত বুৰ গৈছে৷ ধান চপোৱাৰ সময়তে নেৰানেপেৰা বৰষুণত হোৱা বানে বুৰাই পেলোৱাৰ ফলত এই বিস্তীর্ণ অঞ্চলৰ ধান নষ্ট হোৱাৰ উপক্রম ঘটিছে৷ মুঠ ১৬খন জিলাত আহু আৰু বৰো খেতিৰ ব্যাপক লোকচান হৈছে৷ কৃষি বিভাগৰ তথ্য অনুসৰি গোৱালপাৰাত সর্বাধিক ১২,২৬১ হেক্টৰ ভূমিৰ ধান বাঢ়নী পানীত ডুব গৈছে৷
তদুপৰি নগাঁৱত ৮,৩৫০ হেক্টৰ, কামৰূপত ৭,৪৮৭, মৰিগাঁৱত ৪,৭৫২, হোজাইত ২,৮৬৯, দৰঙত ৩,১৯৪, বঙাইগাঁৱত ২,৬৯৫, বৰপেটাত ৬,০৪০ হেক্টৰ ভূমিৰ বৰো আৰু আহু ধানৰ খেতি নষ্ট হোৱাৰ উপক্রম ঘটিছে৷ তদুপৰি ১,৭৬৯ হেক্টৰ ভূমিত বাও, শালিধানৰ কঠীয়া বাঢ়নী পানীয়ে বুৰাই পেলায়৷ সমান্তৰালভাৱে ২,৪৬২ হেক্টৰ ভূমিৰ গোমধান প্রায় নষ্ট হয় আগতীয়া বানত৷ কেৱল সেয়াই নহয়, আন আন শাক–পাচলিজাতীয় খেতিও প্রায় বিনষ্ট কৰিছে বানপানীয়ে৷ খেতিপথাৰতে কেইবাদিনো ধৰি শাক–পাচলি বুৰ গৈ থকাৰ ফলত বৃহৎ পৰিমাণৰ শাক–পাচলি ইতিমধ্যেই নষ্ট হৈছে৷ কৃষি বিভাগৰ তথ্য অনুসৰি ৮,৯৪৪ হেক্টৰ ভূমিত মৰাপাটৰ খেতিও বুৰ গৈছিল বানত৷ সেইদৰে ৩৭০ হেক্টৰৰ কুঁহিয়াৰৰ খেতি, ৩,৭২১ হেক্টৰ ভূমিৰ খাৰিফ শস্য নষ্ট হৈছে বানপানীত৷ উল্লেখ্য যে সাগৰীয় ধুমুহা উম্পুনৰ প্রভাৱত অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলত বিগত কিছুদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ হয়৷ যাৰ ফলত ৰাজ্যৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ পৰে৷ সেইদৰে বৰাক–ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ওফন্দি উঠি বহু স্থানত মথাউৰি ভাঙি বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰে৷ তদুপৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বহু স্থানত এইবাৰ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে দুর্বল মথাউৰিসমূহৰ সবলীকৰণৰ কাম সম্পূর্ণ কৰিবলৈ সক্ষম নহ’ল৷
আনকি বিগত বর্ষত বানে ছিঙি নিয়া মথাউৰিৰ অংশসমূহো সম্পূর্ণৰূপে মেৰামতি কৰিব নোৱাৰিলে বিভাগটোৱে৷ যাৰ পৰিপ্রেক্ষিতত ভগ্ণ মথাউৰিৰ অংশৰে বাগৰি অহা পানীয়ে ৰাজ্যৰ বহু অঞ্চল প্লাৱিত কৰি তোলে৷ আগতীয়া এই বানত ৰাজ্যৰ বহু স্থানত ঘৰ–বাৰী এৰি আশ্রয় শিবিৰ অথবা মথাউৰি আৰু ৰাজপথত আশ্রয় ল’বলগীয়া হয়৷ সমান্তৰালভাৱে আগতীয়া আহু আৰু বৰোধানৰ খেতিও সময় মতে কৃষকে চপাব নোৱাৰিলে৷ ফলত বাঢ়নী পানীত দীর্ঘদিন ধৰি বুৰ গৈ থকাত ধান নষ্ট হয়৷ বহু অঞ্চলত এবুকু পানীত নামি কৃষকে অতি কষ্টৰে ধান চপোৱা পৰিলক্ষিত হয়৷ কিন্তু দীর্ঘদিন ধৰি পানীত বুৰ গৈ থকাৰ ফলত ধান চপোৱাৰ পিছতো ধানে গজালি মেলাত কৃষকৰ মাজত একপ্রকাৰ হাহাকাৰ সৃষ্টি হয়৷ ইপিনে, শেহতীয়া বানত বিস্তৰ ক্ষতি হৈছে শাক–পাচলি কৃষকৰ৷ যোৱা ২৪ মার্চৰ মাজনিশাৰ পৰা দেশজুৰি ঘোষণা হোৱা লকডাউনৰ বাবে বহু কৃষকে শাক–পাচলি বিক্রী কৰিবলৈ সক্ষম হোৱা নাছিল৷ ফলত খেতিপথাৰতে নষ্ট হৈছিল বৃহৎ পৰিমাণৰ শাক–পাচলি৷
লকডাউন কিছু পৰিমাণে শিথিল কৰাৰ লগে লগে এই কৃষকসকলে শাক–পাচলি বিক্রী কৰিবলৈ আৰম্ভ কৰিছিল যদিও আগতীয়াকৈ অহা বানপানী আৰু নেৰানেপেৰা বৰষুণত পুনৰ শাক–পাচলিসমূহ নষ্ট হৈ যোৱাৰ উপক্রম ঘটে৷ যাৰ বাবে শেহতীয়াকৈ বানত বিপর্যস্ত হৈ মূৰে–কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ কৃষকসকলে৷ আনকি বানপানীৰ পিছত বিধ্বস্ত হৈ পৰা কৃষিপথাৰ দেখি হূদক্রিয়া বন্ধ হৈ খেতিয়কে মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাও সংঘটিত হৈছে এইখন অসমতে৷ এইক্ষেত্রত আগন্তুক সময়ত কৃষকসকলক সকাহ দিবলৈ চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া হ’ব লক্ষণীয়৷
You might also like