নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ এঞ্জেলিকা ডলর্ছ কায়াওৱে ইগনেচিয়া ৷ ২২ বছৰীয়া আমৰিকাৰ ইণ্ডিয়ানা নিৱাসী এইগৰাকী যুৱতী এঞ্জেলিকা সম্প্রতি আবদ্ধ হৈ আছে লখিমপুৰত ৷ বিগত ডেৰ মাহ ধৰি তেওঁ সাত সাগৰৰ সিপাৰে থকা পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে ৷ একমাত্র ফোনত কুশল বার্তা লৈয়েই সন্তুষ্ট হ’বলগীয়া হোৱা এঞ্জেলিকা ব্যাকুল হৈ আছে পৰিয়ালৰ ওচৰলৈ যাবলৈ ৷ বিশ্বজুৰি ক’ৰোনা আতংক সৃষ্টি হোৱাত শেহতীয়াকৈ আমেৰিকাত ব্যাপক সংক্রমণ আৰম্ভ হোৱাত পৰিয়ালৰ প্রতি উৎকণ্ঠিত হৈ সময় পাৰ কৰিছে এঞ্জেলিকাই ৷ এঞ্জেলিকাৰ বন্ধুত্ব আছিল লখিমপুৰৰ পূব চান্দমাৰী নিৱাসী অতুল লাহনৰ কন্যা মৌচুমী লাহনৰ সৈতে ৷ সেইসূত্রে ফুৰিবলৈ আহিছিল এঞ্জেলিকা ৷
যোৱা ৬ মার্চত আহি লখিমপুৰৰ বান্ধৱীৰ ঘৰত উপস্থিত হৈছিল আমেৰিকান যুৱতীগৰাকী ৷ কিন্তু তাৰ পাছতেই ব্যাপক হ’ল ক’ৰোনা মহামাৰীৰ সংক্রমণ ৷ চৌদিশে বন্ধ হৈ পৰাত উভতি যাব নোৱাৰা হৈ পৰিল যুৱতীগৰাকী ৷ সম্প্রতি বান্ধৱীৰ ঘৰতে এক আবদ্ধ জীৱন কটোৱা এঞ্জেলিকাক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইন কৰাকে ধৰি সকলো নিয়মৰ মাজেৰে ৰাখে ৷ কোৱাৰেণ্টাইনৰ ম্যাদ উকলি যোৱাৰ পাছতো লকডাউনৰ ফলত আৰু সকলো বিমানসেৱা বাতিল হৈ পৰাত এঞ্জেলিকাই এক আবদ্ধ জীৱন কটাবলৈ বাধ্য হৈছে ৷ পৰিস্থিতিক মানি লৈ বান্ধৱীৰ ঘৰত পার্যমানে ৰং–আনন্দৰে থাকিবলৈ যত্ন কৰিছে তেওঁ ৷ ভালেখিনি অসমীয়া শব্দও শিকি পেলাইছে এঞ্জেলিকাই ৷ তথাপি মৰমৰ দেশখন ক্রমে মৃত্যু উপত্যকাত পৰিণত হোৱাত আৰু পৰিয়ালটোৰ বিপদৰ আশংকাত দুচকুত ভয়–আতংকই দেখা দিয়ে যুৱতীগৰাকীক ৷
মাক–দেউতাক আৰু দুগৰাকীকৈ বাই–ভনীক এৰি সুদূৰ আমেৰিকাৰ পৰা আহি লখিমপুৰত আবদ্ধ হৈ পৰা এঞ্জেলিকা জন্মভূমিলৈ কেতিয়া ঘূৰি যাব পাৰিব, এইপর্যন্ত তাৰ কোনো নিশ্চয়তা নাই ৷ অতুল লাহনৰ ঘৰত দুই–এক ঘৰুৱা কাম–কাজত নিজকে জড়িত কৰি ভয়–শংকা পাহৰি থকাৰ প্রচেষ্টা কৰিছে এঞ্জেলিকাই ৷ অতুল লাহনৰ পৰিয়ালটোৱে পার্যমানে যত্ন লৈ এঞ্জেলিকাক আনন্দত ৰখাৰ প্রচেষ্টা কৰিছে ৷ পৰিয়ালটোৰ মৰমৰ মাজতে বুৰ গৈ থাকিলেও মাজে–সময়ে হঠাৎ মৰমৰ ঘৰখন, দেশখনৰ কথা ভাবি মৌন হৈ পৰে এঞ্জেলিকা ৷ সকলোৰে আশা সোনকালেই অন্ত পৰক ক’ৰোনা মহামাৰীৰ সংক্রমণ ৷ উভতি গৈ এঞ্জেলিকা পুনৰ সোমাই পৰক নিজৰ পৰিয়ালৰ চেনেহ বন্ধনত ৷