নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ পূর্বে সম্পূর্ণ হ’ব ৬৮টা মথাউৰি প্রকল্পৰ নির্মাণকাৰ্য

নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ আগন্তুক বাৰিষাৰ পূর্বে ৰাজ্যৰ ৬৮টা মথাউৰিক লৈ চলি থকা প্রকল্পসমূহ সম্পূর্ণ কৰা হ’ব ৷ প্রকল্পবোৰৰ অধিকাংশ কাম সম্পূর্ণ হৈছেই, বাকীখিনিও যন্ত্রৰ অধিক প্রয়োগেৰে শেষ কৰিবলৈ কোৱা হৈছে ৷ শ্রমিকসকলক পৰাপক্ষত স্থানীয়ভাৱে কেম্প নির্মাণ কৰি ৰখাৰো দিহা কৰা হ’ব ৷ মুঠতে আগন্তুক বাৰিষা বানৰ প্রকোপ বৃদ্ধিৰ সম্ভাৱনালৈ চাই সামাজিক দূৰত্ব মানি মথাউৰিৰ কাম সম্পূর্ণ কৰা হ’ব ৷ মঙলদৈত বৃহস্পতিবাৰে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্তই এইদৰেই মথাউৰিৰ কাম ২০ এপ্রিলৰ পাছৰ পৰা চলোৱাৰ আগজাননী দিয়ে ৷ লক্ষণীয় যে মঙলদৈত বৃহস্পতিবাৰে দুপৰীয়া মন্ত্রী মহন্ত উপস্থিত হয় ৷ বিভাগীয় বিষয়া–ভিযন্তাৰে দৰং জলসম্পদৰ বিষয় আলোচনা কৰি উপায়ুক্তৰ সভাকক্ষত এখন সংবাদ মেল সম্বোধন কৰে ৷ প্রায় ৫ মিনিটত বিভাগীয় পৰিকল্পনা সদৰী কৰি মন্ত্রীগৰাকী উভতি যায় গুৱাহাটীলৈ ৷ মঙলদৈ সংমণ্ডলৰ ৰূপায়ণ হৈ থকা আঁচনি পর্যবেক্ষণ কৰাৰ পৰা আঁতৰি থাকিলেও শাকতোলা আৰু নোৱানৈৰ মথাউৰি নির্মাণ চলি থকা বুলি উল্লেখ কৰে ৷ অৱশ্যে লকডাউনৰ মাজত চতুৰ ঠিকাদাৰ একাংশই কিদৰে কাম সম্পাদন কৰে সেয়া হ’ব লক্ষণীয় ৷

You might also like