নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ অসম বিধানসভাৰ বিগত কার্যকালত খিলঞ্জীয়াৰ সংজ্ঞা নির্ধাৰণৰ লগতে কেতবোৰ সাহসী পদক্ষেপেৰে অসমৰ ৰাজনৈতিক ইতিহাসত নতুন অধ্যায় ৰচনা কৰি থৈ যোৱা সদ্যপ্রয়াত শিৱসাগৰ সমষ্টিৰ বিধায়ক প্রণৱ গগৈৰ শিৱসাগৰ নগৰৰ ৰেডক্রছ ৰোডৰ ঘৰত শুকুৰবাৰে উপস্থিত হয় স্বাস্থ্য, শিক্ষা, বিত্ত বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৷ তেওঁ প্রয়াত কংগ্রেছে নেতাগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷ প্রয়াত প্রণৱ গগৈক দেশ আৰু জাতিক ভাল পোৱা এগৰাকী ব্যক্তি বুলি উল্লেখ কৰি কয় যে দেশ–জাতিৰ মৰমৰ বাবে অসমৰ ৰাজনৈতিক ক্ষেত্রৰ উজ্জ্বল নক্ষত্র আছিল গগৈ ৷ তেওঁৰ অকাল বিয়োগ অসমৰ বাবে এক ডাঙৰ ক্ষতি৷ এই ক্ষতি অপূৰণীয়৷ আজি পুৱা ১১ বজাত গুৱাহাটীৰ পৰা হেলিকপ্ঢাৰত আহি শিৱসাগৰ অ’এনজিচিৰ কেন্দ্রীয় বিদ্যালয়ৰ খেলপথাৰত অৱতৰণ কৰি পোনে পোনে প্রয়াত গগৈৰ গৃহত উপস্থিত হয় মন্ত্রীগৰাকী৷ আনহাতে, প্রয়াত গগৈৰ গৃহৰ পৰা ওলাই অহাৰ সময়তেই সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মন্ত্রী ড০ শর্মাই বিজেপিৰ বাবে ৰাজ্যসভাৰ তৃতীয়খন আসন লাভৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰি কয় যে ইতিমধ্যে বিজেপিৰ প্রার্থী নির্দিষ্ট হৈছে৷ গৃহমন্ত্রী অমিত শ্বাহে অনুমোদন কৰা অনুসৰি এখন আসন সহযোগী বিপিএফক প্রদান কৰা হৈছে৷ যিহেতু তৃতীয়খন আসন বিজেপি দলে দখল কৰাৰ সম্ভাৱনা নাই, সেইবাবে সেইখন আসন বিৰোধী দলৰ দখলত থাকিব৷ বিৰোধী দলে সিদ্ধান্ত ল’ব কাক সেইখন আসনৰ বাবে মনোনীত কৰে৷ৰাজনৈতিক, অৰাজনৈতিক অথবা ‘কা’ বিৰোধী শিবিৰে কাক মনোনীত কৰে সেয়া বিৰোধী শিবিৰৰ কথা৷ মন্ত্রী শর্মাই শিৱসাগৰৰ উপ–নির্বাচন সন্দর্ভত কয়– এই নির্বাচন সুখ আৰু আনন্দৰ নহয়৷ বিধানসভাৰ প্রাক্তন অধ্যক্ষ প্রণৱ গগৈৰ মৃত্যুৰ দুখৰ মাজত আহিছে এই নির্বাচন৷ কিন্তু সমষ্টিটোত আয়োগে উপ–নির্বাচন অনুষ্ঠিত কৰে নে নকৰে তাৰ কোনো নিশ্চয়তা নাই৷ যদি নির্বাচন অনুষ্ঠিত কৰে, তেন্তে মই নাভাবোঁ এনে দুখৰ মাজত অহা উপ–নির্বাচনত ৰাজনৈতিক দলসমূহে বেছি নির্বাচনী তৎপৰতা প্রদর্শন কৰিব৷ দিল্লীৰ বিগত নির্বাচন আৰু বর্তমানৰ দিল্লীৰ পৰিস্থিতি সম্পর্কে মন্ত্রীগৰাকীয়ে কয়– অসমৰ নির্বাচন আৰু অসমৰ পৰিস্থিতিৰ প্রভাৱ যদি দিল্লীত নপৰে, তেন্তে দিল্লীৰ নির্বাচন আৰু পৰিস্থিতিৰ প্রভাৱ কিয় অসমত পৰিব বুলি আমি ভাবোঁ? আনহাতে, শিৱসাগৰ জিলাৰ ১,৫৩০ বেতনবঞ্চিত শিক্ষকৰ দৰমহা আৰু চাকৰি নিয়মীয়াকৰণ সম্পর্কত মন্ত্রী শর্মাই কয়– বিষয়টো আমাৰ এজেণ্ডাত আছে৷ আমি সেইসকল শিক্ষকৰ সমস্যাৰ কথা চিন্তা কৰিছোঁ৷ অনতিপলমে এক ইতিবাচক সমাধান পাব বুলি আমি আশাবাদী৷ আনহাতে, আজি শিৱসাগৰত মন্ত্রীগৰাকীয়ে অটল অমৃত আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি, সোণাৰি–শিৱসাগৰৰ পথটোক চাৰিলেনযুক্ত পথ হিচাপে নির্মাণ, আজানপীৰ দৰগাহৰ দলং–পথ নির্মাণ আদি বিভিন্ন বিষয়ত চৰকাৰৰ যোগাত্মক পৰিকল্পনাৰ কথা ব্যক্ত কৰে৷ উল্লেখ্য যে আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা কংগ্রেছ নেতা প্রয়াত প্রণৱ গগৈৰ ঘৰৰ উপস্থিত থকাৰ সময়ত প্রয়াত বিধায়কগৰাকীৰ চৌহদত ভিৰ কৰে বিজেপিৰ শ শ নেতা–কর্মীয়ে৷ ইপিনে, ড০ হিমন্ত বিশ্ব শর্মাক শিৱসাগৰত সংগ দিয়া দেখা গ’ল ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্রী যোগেন মহন, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, শিৱসাগৰ জিলা বিজেপিৰ সভানেত্রী সুৰভি ৰাজকুঁৱৰী, ৰাজ্যিক বিজেপিৰ সম্পাদক ভৱেন মহন, বিজিত গগৈ, শিৱসাগৰ পৌৰসভাৰ সভানেত্রী মৃদুস্মিতা সিন্হাকে ধৰি বহু নেতা–পালিনেতাক ৷ প্রায় আধা ঘণ্টা প্রণৱ গগৈৰ বাসগৃহত কটাই মন্ত্রীগৰাকীয়ে নাজিৰা সমষ্টি অভিমুখে যাত্রা কৰে ৷