নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বাক্সাৰ জিলাৰ শালবাৰী মহকুমাৰ অন্তর্গত আনন্দবজাৰৰ অতি দুখীয়া পৰিয়ালৰ তথা এগৰাকী কণমানি কন্যা সন্তানৰ মাতৃ ২৮ বছৰীয়া ডালিমী দাস নামৰ মহিলাগৰাকীৰ দুয়োটা কিডনীয়ে বিকল৷ পাঠশালা, বৰপেটা, গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত চিকিৎসা কৰি সর্বস্বান্ত হোৱা দুখীয়া পৰিয়ালটোক এতিয়া ৰাইজৰ সহায়ৰ প্রয়োজন৷ পত্নীৰ চিকিৎসাৰ বাবে সাহায্য বিচাৰি স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক প্রার্থনা জনাইছে স্বামী ত্রৈলোক্য দাসে৷ আনন্দবজাৰৰ হাটখোলাৰ এইগৰাকী মহিলাৰ প্রথম অৱস্থাত পেটৰ বিষ হোৱাত ভর্তি কৰোৱা হৈছিল পাঠশালা চিকিৎসালয়ত৷ তাৰ পাছত চিকিৎসা প্রদান কৰা হ’ল বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷ তাতো আৰোগ্য লাভ নকৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱাত চিকিৎসকে জানিবলৈ দিয়ে যে মহিলাগৰাকীৰ কিড্নী বিকল আৰু পাথৰৰ সমস্যা৷ কিডনী সংৰোপণ কৰিব পাৰিলেহে আৰোগ্য হোৱাৰ সম্ভাৱনা আছে৷ মূৰৰ ওপৰত সৰগ ভাগি পৰা পৰিয়ালটোৱে উপায়হীন হৈ শেষ ভৰসা হিচাপে স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে ৰাইজলৈ কাতৰ প্রার্থনা জনায়৷ সদাশয় লোকে দুখীয়া পৰিয়ালটোক সহায় কৰিবলৈ ত্রিদীপ কলিতা, বেংক একাউণ্ট নম্বৰ ৩৭৩৭৪৭৯০২৪৮, আইএফএছচি নম্বৰSBIN0018557 শালবাৰী শাখাত ধন জমা দিব পাৰিব৷