নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিলৈ মিত্ৰতাৰ প্ৰস্তাৱ UPPLৰ , কি হ’ব BPF ৰ ?

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ইউ পি পি এলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচতেই বিজেপিলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়ালে প্ৰমোদ বড়োৱে । দীৰ্ঘদিন ধৰি বিটিচিত এখন ভ্ৰষ্টাচাৰী চৰকাৰ চলি থকাৰ প্ৰসংগ উল্লেখ কৰি বিজেপিয়ে অন্য দলৰ বাবে মিত্ৰতাৰ হাত আগবঢ়োৱা বিষয়টোত সন্তুষ্টি প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ।

বৰ্তমান সময়ত ৰাজনীতি এক জটিল পৰ্যায়লৈ গৈছে য’ত সাধাৰণ লোকে ইয়াৰ পৰা আঁতৰত অৱস্থান কৰিব বিচাৰে গতিকে এক সুস্থ ৰাজনৈতিক পৰিৱেশৰ মাজেৰে বিটিচিত চৰকাৰ গঠন কৰাৰ বাবে ইউ পি পি এলে কাম কৰিব বুলিও উল্লেখ কৰে নৱনিযুক্ত সভাপতি প্ৰমোদ বড়োৱে । বড়োৱে লগতে কয় যে, ঠেলাৱালা, ৰিক্সাৱালাকে ধৰি খাটিখোৱা সকলোৱে যাতে ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে ৰাজনীতি সৰল কৰিব লাগিব ।

আগন্তুক বিটিচি নিৰ্বাচনক লৈ বড়োভূমিৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ সময়তে প্ৰমোদ বড়োৰ বিজেপিৰ প্ৰতি মিত্ৰতাৰ প্ৰস্তাৱে তাৎপৰ্য বহন কৰিছে । কিয়নো বৰ্তমানৰ বিজেপিৰ মিত্ৰদল বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিতৌ বিজেপিৰে মিত্ৰতা অব্যাহত থকাৰ প্ৰসংগ উল্লেখ কৰি আহিছে যদিও বিজেপি সভাপতি ৰঞ্জিত দাসে মিত্ৰতা প্ৰসংগত নতুন দলৰ কথাও জানিবলৈ দিছিল । তেনে পৰিপ্ৰেক্ষিতত আগন্তুক দিনত বিজেপিয়ে ইউ পি পি এল নে বিপিএফ কাৰ সৈতে মিত্ৰতা কৰে সেয়া সময়েহে ক’ব ।

You might also like