নিয়মীয়া বাৰ্তা, ৪ মার্চঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্রথম সমাৱর্তনত অংশগ্রহণ কৰে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্য প্রফেছৰ জগদীশ মুখীয়ে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৰাজ্যপালে প্রৱেশ কৰাৰ পিছতেই তেওঁক বিপুল আদৰণি জনোৱা হয় ৷ ৰাজ্যপালক গার্ড অৱ অ’নাৰ দিয়া হয় ৷ ৰাজ্যপালে বডোফা উপেন্দ্র নাথ ব্রহ্মৰ আবক্ষ মূর্তি উন্মোচন কৰি বডোফা উপেন্দ্রনাথ ব্রহ্মৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্রথম সমাৱর্তনত অংশগ্রহণ কৰি ৰাজ্যপাল তথা আচার্য জগদীশ মুখীয়ে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ পৰা কেনেদৰে পৰৱর্তী পর্যায়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ে পূর্ণাংগ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ল তাৰ এক চমু বিৱৰণ দাঙি ধৰে ৷
বড়োলেণ্ড এলেকাত বিভিন্ন জাতি–জনগোষ্ঠীৰ কলা–কৃষ্টি, ভাষা–সংস্কৃতিৰ মিলনৰ থলী বুলি উল্লেখ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্রথম সমাৱর্তনত বিটিচি প্রধান হাগ্রামা মহিলাৰী, মন্ত্রী প্রমীলাৰাণী ব্রহ্মকে ধৰি বহু বিশিষ্টই উপস্থিত থাকে ৷ নিজৰ ভাষণত ২০২৫ চনৰ ভিতৰতে ওদালগুৰি আৰু বাক্সাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ মুকলি কৰা হ’ব বুলি ঘোষণা কৰি মহিলাৰীয়ে বর্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ত ১৬টা বিভাগ আছে যদিও আৰু অধিক বিভাগ খোলাৰ অনুৰোধ জনায় ৷ বিগত ১০ বছৰত কমেও ৩০০০ ছাত্র –ছাত্রীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ হৈছে আৰু ইয়াৰ সৰহসংখ্যকে আজি বিভিন্ন কর্মত নিয়োজিত বুলি উল্লেখ কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্রথম সমাৱর্তন সফল হৈছে বুলি কৈ বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে ভাষণৰ শেষৰফালে ‘চৰকাৰ আমিয়েই গঠন কৰিম’ বুলি দাবী কৰে ৷
আনহাতে সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে সুকীয়াভাৱে নির্বাচনৰ কথাও উল্লেখ কৰিছে ৷ বিপিএফৰ স’তে বিজেপিৰ মিত্রতা সন্দর্ভত প্রকাশিত বাতৰি সম্পূর্ণ শুদ্ধ নহয় বুলি মন্তব্য কৰি মহিলাৰীয়ে মিত্রতা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৷ সোমবাৰে এই সন্দর্ভত বিজেপিৰ উচ্চ নেতৃবর্গৰ স’তে আলোচনা অনুষ্ঠিত হৈছে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ বিশ্বজিৎ দৈমাৰী আৰু ৰিহণ দৈমাৰীক লৈ তিনিজনীয়া সমিতি গঠন কৰা হৈছে বুলি সদৰী কৰি এপ্তাহৰ ভিতৰতে উক্ত সমিতিয়ে প্রতিবেদন দাখিল কৰিব আৰু সেইমতে আসন ভাগ–বাটোৱাৰা হ’ব বুলি মন্তব্য কৰে মহিলাৰীয়ে৷ মিত্রদলৰ স’তে বিটিচি চৰকাৰ গঠনত কোনো সন্দেহ নাই বুলি উল্লেখ কৰি অগপ–বিজেপিক বিপিএফে জিকাই নিব লাগিব বুলি মন্তব্য কৰে৷ তদুপৰি ৰাজ্যসভাৰ প্রার্থী হিচাপে বিশ্বজিত দৈমাৰীৰ মনোনয়ন–পত্র অহা ১১ মার্চত দাখিল কৰা হ’ব বুলিও জানিবলৈ দিয়ে মহিলাৰীয়ে ৷