বিজেপিৰ নেতৃত্বতে অসমত পুনৰ চৰকাৰ হ’বঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে দ্বিতীয়টো কার্যকালৰ বাবে পুনৰ নির্বাচিত হ’ল ৰঞ্জিত কুমাৰ দাস৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে দ্বিতীয়টো কার্যকালৰ বাবে ৰঞ্জিত দাস নির্বাচিত হোৱাৰ পাছতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, দলৰ সাংগঠনিক সম্পাদক ফণীন্দ্রনাথ শর্মাৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতাই নতুন সভাপতিক শুভেচ্ছা আৰু আদৰণি জনায়৷
অনুষ্ঠানত ৰঞ্জিত দাসক শুভেচ্ছা প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে ৰঞ্জিত দাসৰ একক প্রচেষ্টাৰ বাবেই আজি বিজেপিৰ সদস্যসংখ্যা ৪২ লাখলৈ বৃদ্ধি পালে৷ বিজেপিয়ে অসমত শাসনৰ দায়িত্ব লাভ কৰাৰ পৰাই অসম তথা অসমৰ খিলঞ্জীয়া লোকৰ সর্বাংগীণ উন্নয়নৰ বাবে কাম কৰি আহিছে৷ কিন্তু এই উন্নয়নৰ যাত্রাত বাধা দিয়াৰ বাবে বহুতে ষড়যন্ত্র কৰিছে৷ বিজেপিৰ নেতা–কর্মীসকলৰ উদ্যম, সাহস আৰু সততাৰ বাবেই এই ষড়যন্ত্র সফল হ’ব পৰা নাই৷
মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত ইয়াকো কয়– বিজেপিৰ প্রতিজন সদস্যৰ লগতে চৰকাৰৰ দায়িত্বত থকা সকলোৱে খিলঞ্জীয়া ভূমিপুত্রৰ সুৰক্ষাৰ বাবে কামত নিয়োজিত হৈ আছে৷ খিলঞ্জীয়া ভূমিপুত্র হিচাপে অসমী আইৰ সেৱা কৰাৰ বাবে আমি প্রতিজনে প্রতিজ্ঞাবদ্ধ হৈছোঁ৷ যাতে ইয়াৰ দ্বাৰা অসমীয়াৰ মান–সন্মান অটুট ৰাখিব পাৰোঁ৷ গতিকে নিশ্চিত থাকক, বিজেপিৰ নেতৃত্বতেই অসমত পুনৰ চৰকাৰ গঠন হ’ব৷
আনহাতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসম তথা উত্তৰ–পূবৰ প্রতি বিশেষ নজৰ দিয়া বুলি উল্লেখ কৰি তেওঁ কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে অসমৰ উন্নয়নৰ বাবে যি অৰিহণা যোগাইছে, তাৰ বাবেই অসমে আগুৱাব পাৰিছে৷