নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ভার্চুৱেল প্রচাৰৰ সন্মুখত দিশহাৰা কংগ্রেছ; মিত্রশক্তি বিচাৰি এপিচিচি নেতৃত্বৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণ ৰোধৰ বাবে যোৱা ২৪ মার্চৰ পৰা দিয়া দেশজোৰা লকডাউন আৰু বর্তমানো অব্যাহত থকা আনলক–২এ অর্থনৈতিক, শৈক্ষিক খণ্ডৰ দৰে ৰাজনৈতিক ক্ষেত্রখনতো যথেষ্ট প্রভাৱ পৰিছে৷ যোৱা ৪ এপ্রিলত হ’বলগীয়া বিটিচি নির্বাচন পিছুৱাই যোৱাৰ লগতে ৰঙাপৰা আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ উপ–নির্বাচনক লৈ চৰম অনিশ্চয়তা বিৰাজ কৰিছে৷ ৰাজ্য চৰকাৰৰ এক সূত্রৰ মতে সমগ্র দেশৰ লগতে অসমতো এই মুহূর্তত ৰাজনৈতিক সভা–সমিতি, সমাৱেশ অনুষ্ঠিত কৰাটো সম্পূর্ণৰূপে নিষিদ্ধ৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে সেই নিষেধাজ্ঞা প্রত্যাহাৰ নকৰাপর্যন্ত বিটিচি নির্বাচনেই হওক বা বিধানসভাৰ উপ–নির্বাচনেই হওক, অনুষ্ঠিত কৰিব নোৱাৰে৷ সম্পূর্ণৰূপে আনলক প্রত্যাহাৰৰ পাছতহে কেতিয়াকৈ এই নির্বাচন অনুষ্ঠিত কৰিব পৰা যাব, সেই বিষয়ে ক’ব পৰা হ’ব৷

ইপিনে এই ক’ৰোনাকালত ৰাজ্যখনত সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হৈছে বিৰোধী দল কংগ্রেছ৷ শাসক দল বিজেপিৰ দৰে বিৰোধী দল কংগ্রেছ ছ’চিয়েল মিডিয়া, তথ্য–প্রযুক্তিৰ দিশত শক্তিশালী নহয়৷ যাৰ পৰিপ্রেক্ষিতত যোৱা মার্চ মাহৰ পৰাই দলটোৰ সাংগঠনিক কার্যকলাপ একপ্রকাৰ স্থবিৰ হৈ পৰে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে ভার্চুৱেল মাধ্যমেৰে জনসংযোগ ব্যৱস্থা অধিক ক্ষিপ্রতৰ কৰি তোলাৰ লগতে লকডাউনৰ সময়ছোৱাত জনসাধাৰণৰ কাষ চাপি সাংগঠনিক শক্তি বৃদ্ধিত আত্মনিয়োগ কৰে৷ প্রধানমন্ত্রীৰ গৰিব কল্যাণ যোজনাৰ অধীনত গৰিব–দুখীয়া ৰাইজক অহা নৱেম্বৰ মাহলৈ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ ব্যৱস্থাই দলটোক জনসাধাৰণৰ অধিক যে আস্থাভাজন কৰি তুলিব, তাত কোনো সন্দেহ নাই৷ এই কথা স্বয়ং প্রধানমন্ত্রীয়েও স্বীকাৰ কৰিছে৷ কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘সেৱাই সংগঠন’ শীর্ষক কার্যসূচীত ভিডি’ কনফাৰেঞ্চত বক্তব্য আগবঢ়াই কয় যে দেশৰ লগতে অসমতো বিজেপিৰ কার্যকর্তাসকলৰ প্রতি ৰাইজৰ আস্থা আৰু বিশ্বাস বাঢ়িছে৷ অসমত সকলো প্রত্যাহ্বান মোকাবিলা কৰি বিজেপিৰ অসম প্রদেশৰ সমূহ কার্যকর্তা, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু তেওঁৰ টীমে লকডাউনৰ সময়ছোৱাত ৰাইজৰ বাবে যুঁজ দি ৰাইজক সহায় কৰিলে, তাৰ বাবে ধন্যবাদ জনায়৷

সেইদৰে যোৱা ২৬ জুনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে ভিডি’ কনফাৰেঞ্চৰত মিলিত হয়৷ মুঠতে লকডাউন, আনলকৰ সময়ছোৱাতো শাসক দল বিজেপিয়ে ছ’চিয়েল মিডিয়া, ভার্চুৱেল মাধ্যম আদিৰে সংগঠন শক্তিশালী কৰাৰ কাম পূর্ণগতিত চলাই আছে৷ ইয়াৰ বিপৰীতে বিধানসভা নির্বাচনলৈ সন্মুখত মাত্র ৮–৯ মাহ বাকী থকা অৱস্থাত ৰাজ্যখনৰ প্রধান বিৰোধী দল কংগ্রেছে সংগী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ অকলে নির্বাচনত অৱতীর্ণ হৈ যিহেতু ক্ষমতা দখল কৰিব পৰা অৱস্থাত কংগ্রেছ দলৰ স্থিতি শক্তিশালী নহয়, সেয়ে দলটোৱে এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), অখিল গগৈ, বি পি এফ, প্রফুল্ল মহন্ত নেতৃত্বাধীন অগপৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই ফুৰিছে৷ অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈকে কোনো এটা দলৰ সৈতে কংগ্রেছৰ আনুষ্ঠানিক মিত্রতা হোৱা নাই৷ বৰং বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাৰ প্রসংগ উত্থাপনৰ লগে লগে দলটোৰ সংখ্যালঘু শিবিৰত উলম্ব বিভাজন ঘটিছে৷

ইফালে, কেন্দ্রীয় গৃহ মন্ত্রালয়ে ৰাজনৈতিক সভা–সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রত আৰোপ কৰা নিষেধাজ্ঞা শিথিল হ’লেই যিকোনো মুহূর্ততে বিটিচি নির্বাচন অনুষ্ঠিত হ’ব৷ বিটিচি নির্বাচনত অৱতীর্ণ হোৱা বি পি এফ, ইউ পি পি এল, গণ সুৰক্ষা পার্টী, বিজেপি, কংগ্রেছ, এ আই ইউ ডি এফকে ধৰি প্রতিটো দল আৰু প্রার্থীয়ে নির্বাচনী প্রচাৰ পূর্ণগতিত চলাই আছে৷ বিজেপিয়েও এইবাৰ বিটিচি দখলৰ লক্ষ্যৰে ৰণক্ষেত্রত নামি পৰিছে৷ শেহতীয়াকৈ অঞ্চলটোত ৰাজনৈতিক হিংসাও আৰম্ভ হৈছে৷ ইয়াকে লৈ বোকা ছটিওৱাৰ ৰাজনীতিও ৰাজনৈতিক দলসমূহৰ মাজত চলিছে৷ এনে অৱস্থাতে বি পি এফৰ জ্যেষ্ঠ নেতা প্রমোদ বড়োৱে বিটিচিত সংঘটিত ৰাজনৈতিক হিংসাত চৰকাৰৰ সহযোগিতা থকাৰ গুৰুতৰ অভিযোগ কৰি কয় যে গণ সুৰক্ষা পার্টীত সভাপতি, কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সৈতে বিজেপিৰ গোপন বুজাবুজি আছে৷

You might also like