বিজেপি ত্যাগ কৰিব বিধায়ক শিলাদিত্য দেৱে
নিয়মীয়া বার্তা, ১৩ জুলাইঃ বহু বিতর্কিত মন্তব্যৰে সংবাদ শিৰোনামত থকা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে দল ত্যাগৰ সিদ্ধান্ত লৈছে৷ ক’ভিড–১৯এ পৰিৱেশ জটিল কৰি থকাৰ সময়তে শিলাদিত্য দেৱে দেওবাৰে বিজেপি এৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰা বিষয়টোৱে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া৷
উল্লেখ্য যে দলৰ কেইবাটাও সিদ্ধান্তক লৈ যোৱা দীর্ঘদিন ধৰি অসন্তুষ্ট হৈ থকা শিলাদিত্য দেৱে শেহতীয়াকৈ কান্ধত মোনা লৈ ফুৰা বিজেপিৰ এজন নেতাক লৈ যথেষ্ট সৰৱ হৈছিল৷ কালি হোজাইত জোৰাপুখুৰীৰ বাসভৱনত এখন সংবাদ মেলৰ আয়োজন কৰি বিধায়কজনে দল ত্যাগৰ কথা ঘোষণা কৰে৷ বিধায়কজনৰ মন্তব্য– এই মুহূর্তত মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ প্রচেষ্টা আৰম্ভ হৈছে৷ হত্যাৰ সন্মুখীন হোৱাতকৈ মই স–সন্মানে দলৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছোঁ৷ বিজেপিৰ পৰা পদত্যাগ কৰিলেও আন কোনো দলত মই যোগদান নকৰোঁ৷ অহা ৮ মাহ মই বিধায়ক হিচাপে ৰাইজৰ কাম কৰি যাম৷ বিধায়ক শিলাদিত্য দেৱে নিজৰ অসন্তুষ্টিত সকলো বিষয় লিপিবদ্ধ কৰি ইতিমধ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু ‘নেডা’ৰ আহ্বায়ক তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ পত্র প্রেৰণ কৰিছে৷ অহা ১৪ জুলাইত তেওঁ আনুষ্ঠানিকভাৱে দলৰ পৰা পদত্যাগ কৰিব৷
উল্লেখ্য যে যোৱা দীর্ঘদিন ধৰি দলৰ কেইবাটাও বিষয়ত অসন্তুষ্টি প্রকাশ কৰি অহা বিধায়ক শিলাদিত্য দেৱে শেহতীয়াকৈ হোজাই জিলা সভাপতিৰ বিৰুদ্ধেও এলানি অভিযোগ উত্থাপন কৰিছে৷ যাক লৈ বিজেপিৰ শীর্ষ নেতৃত্বৰ অসন্তুষ্টিৰ সন্মুখীন হৈছিল বিধায়কজন৷ আনকি তেওঁৰ অসন্তুষ্টিক লৈ সাংসদ দিলীপ শইকীয়াক সমগ্র বিষয়টো পর্যালোচনা কৰিবলৈ দায়িত্ব দিয়া হৈছিল৷ সাংসদ শইকীয়াই এইক্ষেত্রত বিধায়কজনক আশ্বস্ত কৰিবলৈ সক্ষম নহ’ল৷ সমগ্র বিষয়টোক লৈয়ে পদত্যাগৰ সিদ্ধান্ত লোৱা বিধায়ক শিলাদিত্য দেৱৰ পদত্যাগৰ ক্ষেত্রত ৰাজ্যিক বিজেপিৰ নেতৃত্বই কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে৷