নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞাপন প্ৰকাশৰ পাছতো নিযুক্তি নহল ১৬৭ টা পদত

নিবনুৱাৰ কথা কেতিয়া ভাবিব চৰকাৰে

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ দীঘলীয়া শিক্ষা জীৱনৰ পৰিসমাপ্তিৰ পাছত লাখ লাখ যুৱক-যুৱতীৰ এক মাত্ৰ সপোনটোৱেই হল এটা সুনিশ্চিত কৰ্মসংস্থাপন। সেই লক্ষ্যৰেই চৰকাৰী চাকৰি এটা পাবৰ বাবে কৰে কঠোৰ পৰিশ্ৰম। বহু দিনৰ প্ৰতীক্ষাৰ অন্তত চৰকাৰী চাকৰিৰ বিজ্ঞাপন ওলায়। চাকৰিৰ প-পত্ৰ পূৰণৰ বাবে নিবনুৱাৰ হেতা ওপৰা লাগে। ট্ৰেজাৰী অফিচত কেইবাঘণ্টা শাৰী পাতি, নিদিষ্ট মাচুলসহ সংশ্লিষ্ট বিভাগত প্ৰ-পত্ৰ জমা দিয়ে। তাৰ পাছত দিনে- নিশাই চাকৰিৰ বাবে প্ৰস্তুতি চলায়। কিন্তু এই প্রস্তুতিৰ অন্ত পেলাবলৈ কেতিয়াও নাহে পৰীক্ষাৰ দিনটো৷ এক কথাত বিজ্ঞাপন প্রকাশ কৰিয়েই দায়িত্ব সামৰে ৰাজ্য চৰকাৰৰ একাংশ বিভাগে৷ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পাহৰিয়েই যায়৷ এনে ঘটনা বর্তমানৰ ৰাজ্য চৰকাৰৰ কার্যকালত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে৷ পৰিণতিত লাখ লাখ নিবনুৱা সম্প্রতি হতাশাগ্রস্ত হৈ পৰিছে৷ নিযুক্তি পৰীক্ষা সম্পর্কীয় অৰাজকতাৰ এক বিস্তৃত প্রতিবেদন ‘নিয়মীয়া বার্তা’ত প্রকাশ হোৱাৰ পাছত পুনৰ পোহৰলৈ আহিছে ২০ লাখ নিবনুৱাৰ ভৱিষ্যতক লৈ ৰাজ্য চৰকাৰখনে কৰি অহা চৰম ল’ৰা–ধেমালিৰ তথ্য৷ আমাৰ হাতত পৰা তথ্য অনুসৰি, অসম চৰকাৰৰ পৰিবহণ আয়ুক্তই ২০১৮ চনতে মুঠ ৫৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ পৰিবহণ আয়ুক্তৰ কার্যালয়ৰ কনিষ্ঠ সহায়কৰ ৯টা, জিলা পৰিবহণ কার্যালয়ৰ কনিষ্ঠ সহায়কৰ ২৬টা, ষ্টেন’গ্রাফাৰৰ ১টা, কম্পিউটাৰ সহায়ক ১টা, সহকাৰী এনফ’চমেণ্ট পৰিদর্শকৰ ৮টা আৰু এনফ’চমেণ্ট চেকাৰৰ ৮টা পদৰ বাবে আবেদন কৰাৰ শেষ সময়সীমা আছিল ২০১৮ চনৰ ১৬ আগষ্ট৷ বিজ্ঞাপন প্রকাশৰ পাছতে লাখ লাখ নিবনুৱাই নিযুক্তিৰ বাবে আবেদন কৰে৷ কিন্তু ডেৰ বছৰ কাল বাগৰি যোৱাৰ পাছতো পৰিবহণ বিভাগৰ উক্ত ৫৩টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত নহ’ল৷ একেদৰে ২০১৮ চনৰ ফেব্রুৱাৰী মাহতে অসম আৰক্ষীৰ ৪১টা পদৰ বাবে বিজ্ঞাপন প্রকাশ পাইছিল৷ অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ কনিষ্ঠ সহায়কৰ ৩৭টা পদ আৰু অসম আৰক্ষী অর্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ (বি আই ই অ’) ৪টা কনিষ্ঠ সহায়ক পদৰ বাবেও অজস্র নিবনুৱাই প্র–পত্র পূৰণ কৰি অপেক্ষা কৰি থাকিল৷ আজিকোপতি অসম আৰক্ষীৰ ৪১টা কনিষ্ঠ সহায়ক পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহৰি পোৱা নাই ৰাজ্য চৰকাৰে৷ নিযুক্তিৰ ক্ষেত্রত চৰকাৰী ল’ৰা–ধেমালিৰ আন এটা উদাহৰণ হ’ল– নলবাৰীৰ জিলা উপায়ুক্তৰ কার্যালয়ত খালী হোৱা ১৮টা পদ৷ নলবাৰী জিলাকে ধৰি অন্যান্য প্রান্তৰ নিবনুৱাসকলেও উপায়ুক্তৰ কার্যালয়ৰ কনিষ্ঠ সহায়ক পদত নিযুক্তিৰ বাবে ২০১৮ চনৰ ২৩ মার্চৰ ভিতৰত আবেদন কৰে৷ এই পদসমূহত নিযুক্তিৰ বাবে অসম চৰকাৰৰ কর্মচাৰী বিভাগে কেতিয়া পৰীক্ষা অনুষ্ঠিত কৰিব, তাৰ উত্তৰো কাৰো হাতত নাই৷ বাগ্সা জিলাৰ উপায়ুক্তৰ কার্যালয়তো কনিষ্ঠ সহায়কৰ ১১টা পদ খালী হৈছিল৷ পদসমূহত আবেদনৰ শেষ তাৰিখ আছিল ২০১৮ চনৰ ২২ জুন৷ একেখন জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কার্যালয়তো ১২টা পদত নিযুক্তিৰ বাবে ২০১৮ চনতে আবেদন প্রক্রিয়া সমাপ্ত হৈছিল৷ এই পদসমূহৰ ভিতৰত আছিল আদালতৰ পিয়নৰ ৩টা, বিষয়াৰ পিয়নৰ ৫টা, চকীদাৰ আৰু ছুইপাৰৰ ২টা আৰু গাড়ীচালকৰ ২টা পদ৷ বাগ্সা জিলা উপায়ুক্ত আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ কার্যালয়ৰ নিযুক্তি প্রক্রিয়াও এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সহকাৰী লাইব্রেৰিয়ানৰ এটা, লাইব্রেৰী সহায়কৰ ২টা, কনিষ্ঠ সহায়কৰ ১টা পদকে ধৰি মুঠ ৪টা পদৰ বাবে ২০১৯ চনৰ ২১ আগষ্টত আবেদন প্রক্রিয়াৰ সামৰণি পৰিছিল৷ একেদৰে অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ সহকাৰী অভিযন্তাৰ ৩টা, কনিষ্ঠ অভিযন্তাৰ ৬টা, কনিষ্ঠ সহায়কৰ ১০টা, মণ্ডলৰ ১ট পদকে ধৰি মুঠ ২০টা পদৰ বাবে আবেদন প্রক্রিয়া ২০১৯ চনৰ ১৫ মার্চতে শেষ হয়৷ এই দুয়োটা পৃথক বিভাগৰ নিযুক্তি পৰীক্ষা কেতিয়ালৈ অনুষ্ঠিত হ’ব, তাৰ উত্তৰ অসম চৰকাৰৰ কোনো কর্তৃত্বশীল কর্তৃপক্ষৰ হাতত নাই৷ নিযুক্তিৰ বিসংগতিৰ কাহিনী ইমানতে শেষ হোৱা নাই৷ ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ নিম্নবর্গৰ সহায়কৰ ২টা আৰু পিয়নৰ ২টা পদৰ বাবেও ২০১৯ চনৰ ৩০ জুলাইৰ ভিতৰতে আবেদন প্রক্রিয়া শেষ হয়৷ ৰাজ্যিক সংগ্রহালয়ৰ কনিষ্ঠ সহায়কৰ ২টা আৰু বুকিং এছিছটেণ্টৰ ১টা পদত হাজাৰ হাজাৰ নিবনুৱাই ২০১৯ চনৰ ১০ জুলাইৰ ভিতৰত আশাৰে আবেদন কৰিছিল৷ একেদৰেই বাগ্সা জিলা আইন সেৱা প্রাধিকৰণত নিম্নবর্গ সহায়ক আৰু উচ্চবর্গৰ সহায়কৰ দুটা পদত আৰু কামৰূপ জিলা আৰু সত্র ন্যায়াধীশৰ কার্যালয়ত উচ্চবর্গৰ সহায়কৰ ১টা, নিম্নবর্গৰ সহায়কৰ ১টা আৰু পিয়নৰ ১টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ দুয়োটা পৃথক নিযুক্তিৰ বাবে আবেদন প্রক্রিয়াৰ সামৰণি পৰে ক্রমে ২০১৯ চনৰ ৩০ নৱেম্বৰ আৰু ৩ অক্টোবৰত৷ এতিয়াও কিন্তু নিযুক্তি পৰীক্ষাৰ দিন ঘোষণা কৰা নাই৷ ইফালে জলসিঞ্চন বিভাগৰ ৬৪৩টা পদত নিযুক্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হ’ল এপটেক নামৰ এটা নিষিদ্ধ প্রতিষ্ঠানক৷ প্রতিষ্ঠানটোৱে শেহতীয়াকৈ অনুষ্ঠিত কৰা এই লিখিত পৰীক্ষাত গুৰুতৰ বিসংগতি ঘটাৰ অভিযোগ উঠিছে৷ এয়া কেৱল ‘নিয়মীয়া বার্তা’ৰ হাতত আহি পৰা নিযুক্তি বিসংগতিৰ কেইটামান উদাহৰণহে৷ এনে পৰিস্থিতিত অসমৰ যুৱ প্রজন্মৰ প্রতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক লৈও অনেক প্রশ্ণৰ উদয় হৈছে৷

You might also like