নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰক লৈ অসন্তুষ্ট হাগ্ৰামা মহিলাৰী

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ শেহতীয়া ভাৱে সম্পন্ন হোৱা বিটিআৰক লৈ যেন সুখী নহয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । সোমবাৰে সাংবাদিকৰ আগত বিটিআৰ চুক্তিক লৈ এবছুক কঠোৰ সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় – যিদৰে ভাবিছিলো তেনেদৰে নহ’ল । এবছুৰ নেতৃত্বত সম্পন্ন হোৱা এই চুক্তি আমাক এবাৰলৈও দেখুওৱা নহ’ল । আমাক নালাগে ৰঞ্জন দৈমাৰী, ধীৰেণ বড়ো অথবা বি চাউৰাইগ্ৰাকো দেখুওৱা নহ’ল এই চুক্তি । যদি আমাক চাবলৈ দিলে হেতেন তেন্তে আমি ইয়াতকৈয়ো ভাল এখন চুক্তি পালোহেতেন ।

ইফালে, আগন্তুক বিটিচি নিৰ্বাচনক লৈ সাংবাদিকৰ আগত মত ব্যক্ত কৰে হাগ্ৰামাই । আগন্তুক নিৰ্বাচনত বিপিএফ , বিজেপি আৰু অগপ মিত্ৰজোঁটে ৩০ খন আসন দখল কৰি শাসনলৈ আহিব বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে । বিটিআৰ চুক্তি স্বাক্ষৰৰ পাছত এবছুৱে পৃথক বড়োলেণ্ডৰ দাবী এৰা আৰু এনডিএফবিয়ে অস্ত্ৰ সম্বৰণ কৰি শান্তি প্ৰক্ৰিয়ালৈ উভতি অহাটোৱেই বিটিআৰৰ লাভ বুলি কয় বিটিচি প্ৰধানগৰাকীয়ে ।

You might also like