নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিএডিত নিশ্চিত কৰক অবড়োৰ অধিকাৰ

বিমানবন্দৰত প্রধানমন্ত্রী মোদীক সাক্ষাৎ কোকৰাঝাৰৰ সাংসদ শৰণীয়াৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ বড়ো শান্তি চুক্তিক লৈ এহাতে কোকৰাঝাৰত প্রধানমন্ত্রীৰ উপস্থিতিত বিশাল সমাৱেশ, আনহাতে বি টি এ ডিত বসবাস কৰা অবড়ো লোকসকলৰ মাজত বিৰাজ কৰা আশংকাৰ পৰিৱেশ৷ অবড়ো লোকসকলৰ সুৰক্ষা–ধিকাৰ নিশ্চিত কৰাৰ দাবীৰে শুকুৰবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীক স্মাৰক–পত্র প্রদান কৰিলে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই৷ কোকৰাঝাৰৰ বিজয় উৎসৱত ভাগ ল’বলৈ অহা প্রধানমন্ত্রীগৰাকীক্ আজি বিমানবন্দৰতে সাংসদ শৰণীয়াই সাক্ষাৎ কৰে৷ সাক্ষাৎকালত সাংসদগৰাকীয়ে বি টি এ ডিত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ ৰাইজৰ সমস্যা, ৭০ শতাংশ অবড়ো লোকৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, কর্মসংস্থাপনৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীৰে স্মাৰক–পত্র প্রদান কৰে৷ লগতে সুদীর্ঘ সশস্ত্র বড়ো আন্দোলনত প্রাণ হেৰুওৱা আদিবাসী আৰু অন্যান্য জনগোষ্ঠীয় লোকৰ পৰিয়ালক সঠিক সাহায্য প্রদানৰ দাবীও স্মাৰক–পত্রত উল্লেখ কৰা হয়৷ সাংসদ নৱ কুমাৰ শৰণীয়াই অবড়ো লোকসকলৰ বিভিন্ন সমস্যা আৰু শংকা নিৰাময়ৰ বাবে শীঘ্রে কেন্দ্রীয় চৰকাৰক এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়৷ প্রধানমন্ত্রীক স্মাৰক–পত্র প্রদানৰ পাছত সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰৰ সাংসদগৰাকীয়ে কয় যে বি টি এ ডিত বসবাস কৰা ৭০ শতাংশ অবড়ো লোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্রধানমন্ত্রী নৰেন্দ্র মোদীক স্মাৰক–পত্র প্রদান কৰা হৈছে৷ প্রধানমন্ত্রীগৰাকীৰ্ ভূমিকা ইতিবাচক বুলিও তেওঁ মন্তব্য কৰে৷ নৱ শৰণীয়াই লগতে কয় যে অহা ১২ ফেব্রুৱাৰীত বি টি এ ডিৰ অন্যান্য জাতীয়–জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে অসম চৰকাৰৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকতে পৰৱর্তী সময়ত দেশৰ গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনাৰ সময় নির্ধাৰণ কৰিবলৈ দাবী উত্থাপন কৰা হ’ব৷

You might also like