নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ এনডিএফবিৰ প্রতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক পুনৰ জে’ললৈ পঠিওৱাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে পিজেএচিবিএম আৰু বডোলেণ্ড ছাত্র সন্থা চমুকৈ বিএছইউ–এ৷ সোমবাৰে কোকৰাঝাৰ চহৰৰ টেঙাপাৰাত থকা বিএছইউৰ মুখ্য কার্যালয়ত আয়োজিত এখন যৌথ সংবাদ মেলত পিজেএচিবিএমৰ জিলা সভাপতি মার্টিন বসুমতাৰী আৰু বিএছইউৰ সাধাৰণ সম্পাদক বঞ্জিত মঞ্জিল বসুমতাৰীয়ে বিটিআৰ চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক বিটিচি পৰিষদীয় নির্বাচনৰ পূর্বে মোকলাই দিয়াৰ দাবী উত্থাপন কৰি এইক্ষেত্রত এবছু আৰু এনডিএফবিৰ চাৰিটা গোটেও যাতে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ বাবে সজোৰে দাবী উত্থাপন কৰে, তাৰ বাবেও আহ্বান জনায়৷ আগন্তুক পৰিষদীয় নির্বাচন যাতে নিকা আৰু শান্তিপূর্ণ হয়, তাৰ প্রতি সকলো পক্ষকে আহ্বান জনাই বডো জাতিৰ চকুত ধূলি দি চৰকাৰে পুনৰ ৰঞ্জন দৈমাৰীক জে’ললৈ পঠিওৱাৰ বিৰোধিতা কৰি বিটিচি পৰিষদীয় নির্বাচনৰ পূর্বে ৰঞ্জন দৈমাৰীক নিজৰ পৰিয়ালৰ সৈতে থকাৰ সুযোগ দিয়াৰ বাবেও আহ্বান জনাইছে নেতাদ্বয়ে৷