আজি ২৯ জুন, আহাৰ মাহৰ ১৪ তাৰিখ
সোমবাৰ : তিথি– পূর্ণিমা, নক্ষত্র : মূলা, যাত্রা : নাই
মেষ : আজি কোনো সু–খবৰ পাব৷ আনৰ বাবে সময় নষ্ট হ’ব পাৰে৷ ভ্রমণৰ যোগ৷ কর্মক্ষেত্রত আপোনাৰ নেতৃত্ব আৰু দক্ষতাই সকলোৰে মন জয় কৰিব৷ ধৈর্য বজাই ৰাখক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
বৃষ : আজি প্রতিযোগিতাত জয়লাভ কৰিব৷ পৰিশ্রমৰ মর্যাদা পাব৷ লেখকৰ সুনাম বৃদ্ধি৷ নতুন দায়িত্ব গ্রহণ কৰাৰ সুযোগ আহিব পাৰে৷ বিদ্যাত শুভ৷ প্রেমত কষ্ট৷ শুভ ৰং, সোণালী, শুভ সংখ্যা ৪৷
মিথুন : আজি আনৰ প্রতি দায়বদ্ধতা আৰু সৰলতা থাকিব৷ খং–ৰাগেৰে কোনো সমস্যাৰ সমাধান নহ’ব৷ গুৰুত্বপূর্ণ কামত সফলতা লাভ৷ পাৰিবাৰিক শুভ৷ শুভ ৰংবগা, শুভ সংখ্যা ২৷
কর্কট : আজি গোপন কথা মনতে ৰাখিব৷ সৎ পথেৰে ধন অর্জনৰ চিন্তা কৰক৷ আত্ম–অহংকাৰ বৃদ্ধি পাব৷ কর্মক্ষেত্রত আপোনাৰ দক্ষতাৰ স্বীকৃতি পাব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷
সিংহ : আজি পৰিশ্রমৰ মর্যাদা পাব৷ সুস্থিৰ চিন্তাৰে সমস্যাৰ সমাধান হ’ব৷ শৰীৰৰ মধ্যম ফল৷ হঠাৎ অর্থ লাভৰ যোগ৷ নতুন চিন্তাধাৰাই আগবঢ়াব৷ প্রেমত সন্দেহ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
কন্যা : আজি মনোবল আৰু সাহস বৃদ্ধি পাব৷ ব্যৱসায়ত উন্নতি৷ কর্মত শক্তিশালী স্থিতিত উপনীত হ’ব পাৰিব৷ নতুন চিন্তা আৰু পৰিকল্পনাই সফলতা আনিব৷ আত্মবিশ্বাস বজাই ৰাখক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷
তুলা : আজি বহু গুৰুত্বপূর্ণ তথ্য হাতলৈ আহিব৷ কর্মত স্থান পৰিৱর্তনৰ যোগ৷ শিল্পীৰ সুনাম বৃদ্ধি৷ সামাজিক ক্ষেত্রত সন্মান বৃদ্ধি৷ নিজৰ মতামত প্রকাশ কৰক৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭৷
বৃশ্চিক : আজি আনৰ পৰা প্রেৰণা পাব৷ কৃতিত্ব লাভৰ যোগ৷ স্বভাৱ সলনি কৰক৷ প্রতিবেশীৰ পৰা কষ্ট পাব পাৰে৷ পুৰণি কামৰ সুফল লাভ কৰিব৷ প্রেমত আনন্দ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷
ধনু : আজি যোগ্যতা প্রদর্শনৰ যোগ৷ অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক৷ আনৰ প্রতি কৃতজ্ঞ হওক৷ পৰিয়ালৰ সৈতে সুখৰ সময় পাৰ হ’ব৷ বিদ্যাত মনোযোগ দিয়া দৰকাৰ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
মকৰ : আজি সৌভাগ্যৰ সংযোগ৷ ভ্রমণত লাভৱান হ’ব৷ ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যোগ৷ পৰিয়ালৰ পৰা সমস্যাৰ সমাধান পাব৷ প্রাপ্য ধন প্রাপ্তিৰ যোগ৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ৫৷
কুম্ভ : আজি যিকোনো কাম কৰাৰ আগত চিন্তা কৰিব৷ অপ্রয়োজনীয় খৰচ কমাওক৷ ব্যৱসায়ত নতুন সুযোগ আহিব৷ পুৰণি বন্ধুৰ সৈতে পুনৰ যোগাযোগ হ’ব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬৷
মীন : আজি শৰীৰ চর্চা কৰাসকলে সুফল পাব৷ আনক হিংসা নকৰিব৷ চাকৰিৰ ক্ষেত্রত ভাল খবৰ আহিব৷ সামাজিক কামত অংশগ্রহণ কৰিব৷ বিদ্যাত শুভ৷ শুভ ৰং ধূসৰ, শুভ সংখ্যা ৯৷