নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী ন্যায়াধিকৰণৰ নির্দেশত ছিপাঝাৰত দুই বাংলাদেশীক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ ছিপাঝাৰত গ্রেপ্তাৰ হৈছে দুজন বাংলাদেশী নাগৰিক ৷ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি দুয়োজনকে চিনাক্ত কৰি জাননী প্রেৰণ কৰাৰ পিছতে ৷ ছিপাঝাৰ থানাৰ সীমান্ত শাখাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে মদন আলী (৪৭) আৰু আইনুল হক (৪৮) নামৰ লোক দুজনক ৷ ছিপাঝাৰ থানাৰ অন্তর্গত বাঘেশ্বৰৰ পৰা গ্রেপ্তাৰ কৰা হয় বাংলাদেশী লোক দুজনক ৷ সন্দেহযুক্ত ভোটাৰ (ডি ভোটাৰ) হিচাপে চিহ্ণিত লোক দুজনৰ প্রয়োজনীয় তথ্যপাতি বিচাৰি বিদেশী ন্যায়াধিকৰণে জাননী প্রেৰণ কৰিছিল ৷ প্রয়োজনীয় তথ্যপাতি দাখিলত ব্যর্থ হৈছিল লোক দুজন ৷ যাৰ বাবে বিদেশী হিচাপে চিনাক্ত কৰি সীমান্ত শাখাৰ আৰক্ষীলৈ গ্রেপ্তাৰৰ নির্দেশ দিছিল ৷ সেই অনুসৰিয়েই সীমান্ত শাখাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা লোক দুজনক গ্রেপ্তাৰ কৰি শুকুৰবাৰে বিদেশী ন্যায়াধিকৰণৰ আদালতত হাজিৰ কৰায় ৷ পৰিয়ালৰ লোকে সকলো নথি থকাৰ কথা উল্লেখ কৰি আৰক্ষীয়ে অনাহকত হাৰাশাস্তি কৰা বুলি অভিযোগ তুলিছে ৷

You might also like