নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী পৰ্যটকক লৈ আতংকঃ ৰাজ্যৰ ঠায়ে ঠায়ে আবদ্ধ পৰ্যটক

                                ছিপাঝাৰত জার্মানীৰ নাগৰিকক লৈ আতংক

নিয়মীয়া বার্তাঃ জার্মানীৰ পৰা অহা এগৰাকী পর্যটকক লৈ ছিপাঝাৰত সোমবাৰে সৃষ্টি হয় আতংক ৷ আনকি ৰাইজৰ আপত্তিৰ পাছতে বিদেশী নাগৰিকগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি চৈধ্য দিন নজৰবন্দীত ৰখাৰ ব্যৱস্থা কৰা হয় ৷ উল্লেখ্য যে জার্মানীৰ পৰা গোৱালৈ আহি দুদিন পূর্বে ছিপাঝাৰৰ কটৰা অঞ্চলৰ এজন যুৱকৰ লগত আহিছিল জার্মানীৰ নাগৰিকগৰাকী ৷ সোমবাৰে ওভতাৰ কথা আছিল যদিও একাংশ লোক জার্মানীৰ লোক গৰাকীক লৈ আতংকিত হৈ পৰে ৷ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা নকৰাকৈ যাব নিদি আবদ্ধ কৰি ৰাখে লোকগৰাকীক ৷ মূলতঃ দেশজুৰি ক’ৰোনা ভাইৰাছৰ আতংক আৰু বিদেশৰ পৰা অহা লোকৰ ক্ষেত্রত কেতবোৰ নীতি–নিয়ম প্রযোজ্য কৰাৰ বাবেই ৰাইজে আবদ্ধ কৰে জার্মানী লোকগৰাকীক ৷ পাথৰিঘাট প্রাথমিক স্বাস্থ্য কেন্দ্রলৈ লোকগৰাকী আনি পাছত ইতিমধ্যে পাথৰিঘাট প্রাথমিক স্বাস্থ্যকেন্দ্রত মঙলদৈৰ পৰা পাঁচজনীয়া চিকিৎসকৰ দলে পৰীক্ষা কৰে জার্মানীৰ লোকজনৰ লগতে ছিপাঝাৰৰ বন্ধুজনৰো ৷ প্রাথমিক পৰীক্ষাত কোনো বিসংগতি লাভ কৰা নাই যদিও আগন্তুক ১৪ দিন স্বাস্থ্য বিভাগে পর্যবেক্ষণত ৰাখিব দুয়োকে ৷

        মানকাচৰত ছুইজাৰলেণ্ডৰ দম্পতীক লৈ ৰাইজৰ মাজত ব্যাপক চাঞ্চল্য

নিয়মীয়া বার্তাঃ সমগ্র বিশ্বত ক’ৰোনা ভাইৰাছক লৈ আতংকময় পৰিৱেশ সৃষ্টি হোৱাত দেশী–বিদেশী পর্যটকৰ অহা–যোৱা কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ তাৰে মাজতে ছুইজাৰলেণ্ডৰ এক দম্পতী দেওবাৰৰ দিনা আবেলি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত চাইকেলযোগে উপস্থিত হোৱাত ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও দম্পতীক যাৱতীয় পৰীক্ষা কৰি স্থানীয় হোটেল এখনত নৈশ যাপন কৰাৰ ব্যৱস্থা কৰি দিয়ে হাটশিঙিমাৰীস্থ খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীয়ে ৷ ইপিনে, সোমবাৰৰ পুৱা ছুইজাৰলেণ্ডৰ দম্পতীয়ে মেঘালয়ৰ তুৰালৈ যাত্রা কৰাৰ কাৰণে মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্তৰ সীমান্ত পথৰ কাঁইটীয়া তাঁৰৰ বেৰৰ কাষেৰে চাইকেল চলাই চলাই সাহাপাৰা চেকপোষ্টত উপস্থিত হয় ৷ যোৱা কেইবাদিন ধৰি মানকাচৰৰ সাহাপাৰাস্থ বি এছ এফ কেম্পত মানকাচৰ চিকিৎসালয়ৰ চিকিৎসকৰ দল এটাই মানকাচৰৰ সাহাপাৰা আন্তর্জাতিক গেটেৰে বাংলাদেশৰ পৰা অহা–যোৱা কৰা লোকসকলক ক’ৰোনা ভাইৰাছ পৰীক্ষাকৰণৰ বাবে অস্থায়ী শিবিৰত মানকাচৰৰ আৰক্ষীৰ উপস্থিতিত চিকিৎসকে পৰীক্ষা–নিৰীক্ষা কৰি চিকিৎসা প্রদান কৰি আহিছে ৷ তাৰ মাজতে ছুইজাৰলেণ্ডৰ দম্পতীক স্বাস্থ্য পৰীক্ষা কৰাই মেঘালয়ৰ তুৰালৈ যাবলৈ দিয়া হয়৷ অৱশ্যে দুয়োৰে গাত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই বুলি জানিব পৰা গৈছে ৷

          নগাঁৱত আবদ্ধ পেৰিছৰ তিনি পর্যটকক গুৱাহাটীলৈ প্রেৰণ

নিয়মীয়া বাৰ্তাঃ নগাঁৱৰ কঠীয়াতলীৰ মনোহৰ গাঁৱত চাইকেলেৰে ভ্রমণ কৰি উপস্থিত হোৱা তিনিগৰাকী পেৰিছৰ পর্যটকক ক’ৰোনা ভাইৰাছত আক্রান্তৰ সন্দেহত দেওবাৰে স্থানীয় ৰাইজে আবদ্ধ কৰি ৰখাৰ ফলত সোমবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত গুৱাহাটীলৈ প্রেৰণ কৰা হয় ৷ উল্লেখ্য যে ৪ ফেব্রুৱাৰীত ম্যানমাৰৰ পৰা যাত্রা আৰম্ভ কৰি মণিপুৰ হৈ নাগালেণ্ডত প্রৱেশ কৰা দলটোৱে নাগালেণ্ডৰ পৰা ক’হিমা, ডিমাপুৰ হৈ কার্বি আংলং জিলাত ১৪ মার্চত প্রৱেশ কৰে ৷ দেওবাৰে সন্ধিয়া দলটোৱে কার্বি আংলঙৰ পৰা নগাঁৱৰ কঠীয়াতলী মনোহৰি গাঁৱত প্রৱেশ কৰি আশ্রয়ৰ বাবে যো–জা চলাই থকাৰ সময়তে স্থানীয় ৰাইজে ক’ৰোনা ভাইৰাছত আক্রান্তৰ সন্দেহত তেওঁলোকক আবদ্ধ কৰি স্থানীয় আৰক্ষী আৰু প্রশাসনক খবৰ দিয়ে ৷ পাছত নগাঁও জিলা প্রশাসনে চিকিৎসকৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাই নগাঁও আৱর্ত ভৱনলৈ আনে ৷ দেওবাৰে নিশা আৱর্ত ভৱনত কটোৱাৰ পাছত সোমবাৰে দলটোক গুৱাহাটীলৈ প্রেৰণ কৰা হয় ৷ ইফালে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত দেওবাৰৰ পৰা চৰিফুল ইছলাম আৰু ৰছিদুল ইছলাম নামৰ দুজন যুৱকক ক’ৰোনাত আক্রান্ত হোৱাৰ সন্দেহত পর্যবেক্ষণত ৰখা হৈছে ৷

You might also like