নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট অধিৱেশনৰ পৰা প্ৰথম দিনাই নিলম্বিত হ’ল বিধায়ক শ্বেৰমান আলী

নিয়মীয়া বাৰ্তা, ২ মার্চঃ আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ অহা ৩০ মার্চলৈ চলিবলগীয়া এই অধিৱেশনৰ মুঠ কর্মদিন হৈছে ১৪ দিন ৷ আনহাতে, অহা ৬ মার্চৰ বিয়লি ৩ বজাত সদনত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২০–২১ বিত্তীয় বর্ষৰ বাজেট উত্থাপন কৰিব ৷

ইপিনে আজি সদনৰ প্ৰথমদিনাই NRC ৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ সন্দৰ্ভত বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰশ্ন কৰি সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। যাৰ বাবে বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক সদনৰ পৰা নিলম্বন কৰিলে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

ইফালে সদনৰ পৰা নিলম্বিত হোৱাৰ পাছত বাহিৰলৈ আহি এই সমগ্ৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা দিলে বিধায়ক শ্বেৰমান আলীয়ে ।

You might also like