নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়কৰ দলত্যাগঃ ভূপেন বৰাই ক’লে- দুৱাৰ খোলা আছে, যাব পাৰে

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ  কংগ্রেছ বিধায়কৰ বিজেপি গমন সম্পর্কত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই কয় যে দুৱাৰ খোলা আছে৷ কোনোবা গ’লে যাব পাৰে আৰু যিসকল থাকিব বিচাৰে, তেওঁলোক থাকিব৷ দুৱাৰ সদায় খোলা আছে৷ অহা–যোৱাক লৈ কংগ্রেছ চিন্তিত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্রেছৰ মূল যুঁজখন হৈছে আদর্শ আৰু নীতিৰ যুঁজ৷ কোনোবা অহা–যোৱাক লৈ দল চিন্তিত নহয়৷ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙেও ইতিমধ্যে দলৰ দুৱাৰ খোলা আছে আৰু কোনোবা গ’লে যাব পাৰে বুলি মন্তব্য কৰিছে৷ এই প্রসংগতে তেওঁ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কটাক্ষ কৰি কয় যে অসমৰ মুখ্যমন্ত্রীগৰাকী ভ্রাম্যমাণ থিয়েটাৰৰ ভাৱৰীয়া৷ মুখ্যমন্ত্রীয়ে সেই সংস্কৃতি প্রৱর্তন কৰিব বুলি তেওঁ আশাবাদী৷ ইপিনে কয়লা ছিণ্ডিকেটৰ প্রসংগ উত্থাপন কৰি সভাপতি বৰাই কয় যে মাজতে মুখ্যমন্ত্রীগৰাকীয়ে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতিৰ বিষয়ে ঘোষণা কৰিছিল৷ কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে লগত থকা নেতা–পালিনেতাৰ মুখ, ওঁঠ, ডিঙি শুকাই যোৱাৰ বাবে কয়লা ব্যৱসায় নচলিলে গোৱালপাৰা, তিনিচুকীয়াৰ কয়লা পৰিবাহী ট্রাকসমূহ কেনেকৈ চলিব সেই বিষয়ত গুৰুত্ব দি কয়লাৰ পক্ষত অৱস্থান লৈছে৷ সেয়ে তেওঁ বিজেপিৰ কার্যালয়ৰ ৰং ক’লা কৰাৰ লগতে কার্যালয়ৰ সমুখতে দুই–এটা কয়লাৰ ডিপো স্থাপনৰো পৰামর্শ আগবঢ়ায়৷ ইপিনে মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ নেতাসকলক পি এছ অ’ প্রত্যাহাৰ কৰিবলৈ জনোৱা আহ্বান সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রীৰ পৰাই সেই সংস্কৃতি আৰম্ভ কৰাৰ পোষকতা কৰে৷ ইপিনে প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আজি আয়োজিত এখন সংবাদ মেলত প্রাক্তন সাংসদ দ্বীজেন শর্মা আৰু গুৱাহাটী পৌৰ নিগমৰ প্রাক্তন মেয়ৰ কুশল শর্মাই গুৱাহাটী পৌৰ নিগমৰ নির্বাচনক লৈ বিজেপি চৰকাৰে কুটিল ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ কৰে৷ সংবাদ মেলখনত কয় যে ৰাজ্যিক নির্বাচন আয়োগৰ কর্তৃত্বক সম্পূর্ণ নস্যাৎ কৰি অসমৰ বিজেপি চৰকাৰে কাম–কাজ কৰিবলৈ আৰম্ভ কৰিছে, যিটো গণতন্ত্রৰ বাবে ভয়ংকৰ ভাবুকি৷ শেহতীয়াকৈ ৰাজ্যিক নির্বাচন আয়োগৰ ক্ষমতা আঁজুৰি আনি গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ অধীনত এখন ডি–লিমিটেচন ব’ড গঠন কৰিবলৈ আগবাঢ়িছে৷ যোৱা ২০১৮ চনতে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত হ’ব লাগিছিল৷ চৰকাৰখনে যোৱা চাৰে তিনি বছৰে সেই দায়িত্বৰ পৰা আঁতৰি থাকিল৷ ৱার্ডসমূহৰ ডি–লিমিটেচন যদি প্রয়োজনীয় আছিল, যোৱা চাৰে তিনি বছৰে কিয় পেলাই থ’লে বুলি প্রশ্ণ কৰি কয় যে ইয়াৰ বাবে সর্বদলীয় সভা আহ্বান কৰি আলোচনাৰ মাজেৰে এটা সর্বসন্মত সিদ্ধান্তত উপনীত হোৱাটো নিময়৷ এতিয়া হঠাৎ সকলো সাংবিধানিক বিধি–ব্যৱস্থা নস্যাৎ কৰি ৰাজ্য চৰকাৰে কেৱল নিজৰ ৰাজনৈতিক লাভালাভৰ অংকত শেষ মুহূর্তত লৰালৰিকৈ ৱার্ড ডি–লিমিটেচনৰ বাবে ব’ড গঠন কৰি অভিষ্ঠ সিদ্ধি কৰিবলৈ প্রয়াস কৰিছে৷ ক্ষমতা আহৰণৰ বাবে যিকোনো স্তৰলৈ নামিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰাটো গণতন্ত্রৰ প্রতি ভয়ংকৰ ভাবুকি৷ তদুপৰি প্রচলিত আইন আৰু বিধি–ব্যৱস্থা মতে এটা ৱার্ড কেৱল পাঁচ বছৰৰ বাবেহে সংৰক্ষিত হ’ব পাৰে৷ কিন্তু ৰাজ্য চৰকাৰখনে এই সকলো নীতি–পৰম্পৰা ভৰিৰে মোহাৰি ৱার্ডভিত্তিক ৰিজার্ভেচন ব্যৱস্থা ১০ বছৰলৈ বঢ়াই আইন প্রণয়ন কৰিছে৷ এয়া কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে৷ কংগ্রেছ দলে ইয়াৰ তীব্র বিৰোধিতা কৰে৷ সংবাদ মেলখনত আৰু কয় যে ৰাজ্যিক নির্বাচন আয়োগে যোৱা ১ নৱেম্বৰত ৰাজহুৱা জাননী বিজ্ঞাপনযোগে প্রচাৰ কৰি গুৱাহাটী পৌৰ নিগমৰ ৩১টা ৱার্ডত ভোটাৰ তালিকা সংশোধনী আৰু প্রস্তুতিৰ বাবে ৩১গৰাকী চৰকাৰী বিষয়াক দায়িত্ব দিয়ে৷ তাৰ পাছত নির্বাচন আয়োগক সম্পূর্ণ অন্ধকাৰত ৰাখি বিজেপি চৰকাৰে নিজৰ খেয়াল–খুচি মতে এতিয়া নির্বাচনী কাম–কাজত মূৰ সুমুৱাবলৈ আৰম্ভ কৰি দিছে৷ কংগ্রেছ দলে আয়োগক শীঘ্রে এখন সর্বদলীয় সভা আহ্বান কৰি পৌৰ নিগমৰ নির্বাচন সম্পর্কত এখন স্পষ্ট ছবি দাঙি ধৰিবলৈ দাবী জনায়৷

You might also like