নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৰ আগত জঁপিয়াই এহাল প্রেমিক প্রেমিকাৰ আত্মহনন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ  ৰঙিয়াত কালি পুৱতিনিশা ৰে’লৰ আগত পৰি এহাল প্রেমিক–প্রেমিকাহ আত্মহনন কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ মৃত প্রেমিক–প্রেমিকা দুগৰাকী হৈছে ৰঙিয়াত ভাৰাতীয়া হিচাপে থকা মঙলদৈৰ মহনুল হক (২০) আৰু উদিয়ানাৰ শ্ববনম চুলতানা (১৫)৷ জানিব পৰা মতে, আজি পুৱাৰ ভাগত উদিয়ানা উত্তৰ পথাৰৰ ৰে’ললাহনত দুটা মৃতদেহ প্রত্যক্ষ কৰে স্থানীয় ৰাহজে৷ এজন যুৱক আৰু এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি হয়৷ পাছত মৃত কিশোৰীগৰাকী নৱম শ্রেণীত পঢ়ি থকা শ্ববনম চুলতানা বুলি চিনাক্ত কৰা হয়৷ আনহাতে, মৃত যুৱকজন ৰঙিয়াত ভাৰাতীয়া হিচাপে থকা মঙলদৈৰ মূল নিৱাসী মহনুল হক বুলি চিনাক্ত কৰে৷ কিশোৰীগৰাকীৰ আত্মহননত পৰিয়ালটোৰ লগতে গাঁওখনত শোকৰ ছাঁ পৰে৷ দুয়োৰে মাজত প্রেমৰ সম্পর্ক আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ কিন্তু কি কাৰণত দুয়োজনে আত্মহননৰ দৰে চূড়ান্ত পথ বাছি ল’লে, সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাহ৷

You might also like