নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক আমিনুল ইছলামে ভুল কৰিছেঃ দেৱব্ৰত শইকীয়া

নিয়মীয়া বাৰ্তা,৭ এপ্ৰিলঃ আমিনুল ইছলামক গ্ৰেপ্তাৰৰ পিছত কংগ্ৰেছৰ প্ৰথম প্ৰতিক্ৰিয়া। ক’ৰোনা ভাইৰাছক লৈ সাম্প্ৰদায়িক মন্তব্য কৰি ধিঙৰ AIUDF ৰ বিধায়ক আমিনুল ইছলামে ভুল কৰিছে সেয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে প্ৰশংসনীয় কাম কৰিছে। এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

দেৱব্ৰত শইকীয়াই লগতে কয় যে কিছুদিনৰ পৰা ছ’চিয়েল মিডিয়াত বহু লোকেই সাম্প্ৰদায়িক মন্তব্যৰ লগতে বহু অপ্ৰচাৰ কৰি আছে । বিধায়ক আমিনুলৰ ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে, থিক তেনেধৰণে এই লোকসকলৰ ওপৰতো কঠোৰ ব্যৱস্থা ল’বলৈ দেৱব্ৰত শইকীয়াই চৰকাৰক আহ্বান জনাইছে ।

ইয়াৰোপৰি ৰাইজক ক’ৰোনা ভাইৰাছক লৈ কোনো সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈও বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আহ্বান কৰে । লগতে ক’ৰোনাক প্ৰতিৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে যিসমূহ পদক্ষেপ লৈছে, তাত সকলোৱেই সহযোগিতা কৰা উচিত বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ।

You might also like