নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনামূলীয়া হ’ব বহু ৰোগৰ চিকিৎসাঃ ধেমাজিত ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰি স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ অটল অমৃত যোজনাৰ জৰিয়তে ৰাজ্যৰ ১২ বছৰৰ তলৰ শিশুৰ যিকোনো ৰোগৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰৰ সুবিধাৰ লগতে ইয়াৰ জৰিয়তে এতিয়াৰে পৰা আই চি ইউত থকা ৰোগীৰ বাবে দুই লাখ টকা দিয়া হ’ব । তদুপৰি জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসাও অটল অমৃতৰ দ্বাৰা বিনামূলীয়াকৈ কৰা হ’ব । এই ঘোষণা ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে কেইবাটাও বিশেষ কাৰ্যসূচীৰে ধেমাজিলৈ যোৱা মন্ত্ৰীগৰাকীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত কিডনী ৰোগীৰ বাবে বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰটো উদ্বোধন কৰে ।

উদ্বোধনৰ পাচত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যখনৰ নলবাৰী অসামৰিক চিকিৎসালয়ত দিল্লীৰ এপল হাস্পতালৰ তত্ত্বাৱধানত আৰম্ভ কৰা ডায়েলাইছিছ কেন্দ্ৰৰ অংশ হিচাপে শনিবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত দশমখন জিলা হিচাপে ডায়েলাইছিছ কেন্দ্ৰ উদ্বোধন কৰি স্বাস্থ্যমন্ত্ৰীজনে কয় যে, চলিত বৰ্ষৰ আগষ্টৰ পৰা ইতিমধ্যে স্থাপন কৰা কেন্দ্ৰৰ দ্বাৰা কিডনী ৰোগীক ৭ হাজাৰবাৰ ডায়েলাইছিছ সম্পন্ন কৰা হৈছে । দেওবাৰে লখিমপুৰ জিলা চিকিৎসালয়ত ১১ সংখ্যক ডায়েলাইছিছ কেন্দ্ৰটো উদ্বোধন কৰা হ’ব বুলি উল্লেখ কৰি ধেমাজি-লখিমপুৰ জিলাত জে ই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই অহালৈ লক্ষ্য কৰি জিলা দুখনত কৰ্মৰত চিকিৎসক সকলক জ্বৰত আক্ৰান্ত প্ৰতিজন ৰোগীক জে ইৰ পৰীক্ষা সম্পন্ন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে ফেব্ৰুৱাৰী মাহত চিকিৎসক সকলক লগত লৈ এক বৈঠকত মিলিত হ’ব বুলি উল্লেখ কৰে ।

You might also like