নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিল দিয়াত হেমাহি কর্তৃপক্ষৰঃ হোটেলৰ পৰা উলিয়াই দিলে খেলো ইণ্ডিয়াৰ খেলুৱৈক

হোটেল পার্ক ৰিভিয়েৰাত অসমৰ পদক জয়ী খেলুৱৈৰ আলাই–আথানি

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ চমকপ্রদ খেলেৰে খেলো ইণ্ডিয়াত ক্রমাৎ তালিকাত ঊর্ধ্বগামী হোৱা অসমৰ খেলুৱৈক লৈ ৰাজ্যবাসী উৎসাহিত হৈ থকাৰ সময়তে হোটেলত চৰম আলৈ–আথানিৰ সন্মুখীন হ’ব লগা হ’ল একাংশ খেলুৱৈ ৷ হোটেলৰ বিল আদায় নিদিয়াৰ বাবে সোমবাৰে নিশা এইসকল খেলুৱৈক হোটেলৰ পৰা বাহিৰ কৰি দিয়া পৰিৱেশৰ সৃষ্টি হয় ৷ উল্লেখ্য যে খেলো ইণ্ডিয়াৰ খেলুৱৈসকলক গুৱাহাটীৰ কেইবাখনো হোটেলত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ এই হোটেলসমূহে প্রতিগৰাকী খেলুৱৈক প্রয়োজনীয় সকলো সা–সুবিধা যোগান ধৰি আহিছে ৷ ইয়াৰ বাবদ প্রায় দুই–তিনি দিনৰ মূৰে মূৰে খেলো ইণ্ডিয়া কর্তৃপক্ষই হোটেলসমূহক বিল আদায় দি আহিছে ৷ এনে প্রক্রিয়াৰ মাজতে সোমবাৰে নিশা মহানগৰীৰ উজান বজাৰস্থিত হোটেল পার্ক ৰিভিয়েৰাই বিল আদায় নিদিয়াৰ অভিযোগ তুলি অসমৰ একাংশ খেলুৱৈক হোটেলখন এৰি দিবলৈ হেঁচা দিয়ে ৷ সোমবাৰে সন্ধিয়াৰ ভাগত হোটেল কর্তৃপক্ষৰ এনে হেঁচা আৰু সকীয়নিত ভীতিগ্রস্ত হৈ কিছু খেলুৱৈ নিজৰ সা–সামগ্রী লৈ হোটেলৰ বাহিৰলৈ ওলাই আহে ৷

লক্ষণীয়ভাৱে এই খেলুৱৈসকলৰ মাজতে কেইবাজনো পদকপ্রাপ্ত খেলুৱৈ আছিল ৷ নিশা এনেদৰে খেলুৱৈসকলক হোটেলৰ পৰা বাহিৰ কৰি দিয়া পৰিৱেশক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হয় ৷ খেলুৱৈসকলে অভিভাৱক আৰু প্রশিক্ষক তথা কর্তৃপক্ষক যোগাযোগ কৰাত নিশা পার্ক ৰিভিয়েৰা হোটেলত এক অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ অৱশ্যে ঘটনাৰ খবৰ পোৱা মাত্রকে ঘটনাস্থলীত উপস্থিত হৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে পৰিস্থিতি নিয়ন্ত্রণ কৰি খেলুৱৈসকলক হোটেলখনত থকাৰ সকলো সুবিধা কৰি দিয়ে ৷ জিলা উপায়ুক্তৰ মধ্যস্থতাতে খেলো ইণ্ডিয়া কর্তৃপক্ষই হোটেলৰ অনাদায় বিল আদায় দিয়াৰ ব্যৱস্থা কৰে ৷ ইফালে, ঘটনা সন্দর্ভত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে, বিল আদায়ক লৈ কিছু ভুল বুজাবুজিৰ বাবে তেনে পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ আনহাতে, খেলুৱৈসকলক হোটেল এৰি যাবলৈ কোনেও হেঁচা দিয়া নাছিল ৷ কিছু খেলুৱৈয়ে বিষয়টো অভিভাৱক তথা তেওঁলোকৰ প্রশিক্ষকক অৱগত কৰাত কিছু ভুল বুজাবুজিৰ সৃষ্টি হয় ৷ যাৰ বাবে অভিভাৱকসকলে খেলুৱৈসকলে হোটেল এৰিব লাগিব বুলি ধাৰণা কৰি শংকিত হয় ৷ কিন্তু কোনো খেলুৱৈয়ে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেয়া নিশ্চিত কৰা হৈছে ৷ জিলা উপায়ুক্তৰ এনে ভাষ্যৰ বিপৰীতে কিন্তু খেলো ইণ্ডিয়া কর্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে সোমবাৰে নিশা যে অসমৰ একাংশ খেলুৱৈয়ে আলৈ–আথানিৰ সন্মুখীন হ’ব লগা হ’ল, সেয়া স্পষ্ট হৈ পৰিছে ৷

You might also like