নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সমাজকৰ্মী সতীশ শৰ্মাৰ বিয়োগ

শোকস্তব্ধ ৰঙিয়া ইলোৰা বিজ্ঞান মঞ্চৰ শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বার্তা ১০ ডিচেম্বৰঃ ৰঙিয়া অঞ্চলৰ বিশিষ্ট সমাজকর্মী তথা চি পি আই (এম) নেতা, কামৰূপ জিলাৰ কৃষক আন্দোলনৰ অক্লান্ত কর্মী সতীশ শর্মা (৭১বছৰ)ই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সোমবাৰে পুৱা ৬.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ দীর্ঘদিন জটিল ৰোগত ভুগি থকা শর্মাই মৃত্যুৰ সময়ত পত্নী নীলিমা বৈদ্য, আত্মীয়–স্বজন আৰু বহু গুণমুগ্ধক এৰি যায়৷ তেওঁৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ লগে লগে সমগ্র ৰঙিয়া অঞ্চলত শোকৰ ছাঁ পৰে আৰু পুৱাৰ ভাগতে বহু লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আহি শ্রদ্ধা তর্পণ কৰে৷ ইলোৰা বিজ্ঞান মঞ্চই সতীশ শর্মাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে আৰু মানৱহিতৈষী তথা বিজ্ঞানমনস্ক সমাজকর্মীগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰিছে৷ মঞ্চই তেওঁৰ শোকবিহ্বল পত্নী আৰু সতীর্থ তথা গুণমুগ্ধসকলৰ প্রতি সমবেদনা জ্ঞাপন কৰিছে৷ জি এম চি এইচৰ উপাধ্যক্ষ তথা বিজ্ঞান মঞ্চৰ কার্যকৰী সভাপতি ডাঃ জয়দেৱ শর্মা, উপ–সভাপতি ইছফাকুৰ ৰহমান প্রমুখ্যে মঞ্চৰ কেইবাজনো নেতাই হাস্পতাললৈ গৈ মৃতকৰ প্রতি শ্রদ্ধা জনায়৷ একেদৰে চি পি আই (এম) দলৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচার্য, চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শর্মা প্রমুখ্যে নেতৃবৃন্দই হাস্পতালত পুষ্পমাল্য অর্পণ কৰি শ্রদ্ধা নিবেদন কৰে৷ উল্লেখ্য যে সতীশ শর্মাই মৃত্যুৰ পূর্বে অর্থাৎ ২০০৪ চনৰ ২৪ মার্চত চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ হকে মৰণোত্তৰ অংগদান, নেত্রদান আৰু দেহদানৰ শেষ ইচ্ছা–পত্রত স্বাক্ষৰ কৰি ৰঙিয়াৰ পঞ্জীয়কৰ কার্যালয়ত পঞ্জীয়ন কৰি থৈছিল৷ একেখন পঞ্জীয়নভুক্ত ইচ্ছা–পত্রৰ জৰিয়তে স্বামী–স্ত্রী দুয়োৱে মৰণোত্তৰ দেহদান কৰাৰ অংগীকাৰ গ্রহণ কৰিছিল৷ তেওঁৰ শেষ ইচ্ছা অনুযায়ী মৃত্যুৰ পিছত চকুযোৰ দৃষ্টিহীনক দৃষ্টিদানৰ উদ্দেশ্যে গুৱাহাটী মেডিকেল কলেজৰ নেত্র বেংকত দান দিয়া হয়৷ ইয়াৰ পিছতে মৃতদেহ ৰঙিয়ালৈ নিয়া হয় আৰু বহু অনুষ্ঠান–প্রতিষ্ঠানে শ্রদ্ধা তর্পণ কৰে৷ আজি আবেলি তিনি বজাত মৰণোত্তৰ দেহ গুৱাহাটী মেডিকেল কলেজৰ এনাটমী বিভাগত দান কৰা হয়৷ দেহদান অনুষ্ঠানত কলেজ কর্তৃপক্ষৰ হৈ উপাধ্যক্ষ ডাঃ জয়দেৱ শর্মা আৰু এনাটমী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ জ্যোতির্ময়ী লাহনে মর্যাদাসহকাৰে শর্মাৰ মৃতদেহ গ্রহণ কৰে৷ গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক কমলেশ গুপ্ত, মুনীন্দ্র পুৰকায়স্থ, নৰেন মহন্ত, জগদীশ দত্ত, ড০ বাসুদেৱ দাস, এনাটমী বিভাগৰ ডাঃ সুৰজিৎ মিত্র, চি পি আই (এম) নেতা সুপ্রকাশ তালুকদাৰ আৰু অজিত দাস প্রমুখ্যে নেতৃবৃন্দৰ লগতে ৰঙিয়া অঞ্চলৰ দলৰ ভালেকেইজন নেতা–কর্মী উপস্থিত থাকে৷ ইছফাকুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত বিজ্ঞানমনস্ক কৃষক নেতাগৰাকীৰ প্রতি শ্রদ্ধা জনোৱাৰ লগতে গুৱাহাটী মেডিকেল কলেজ কর্তৃপক্ষৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰা হয়৷

You might also like