নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ কাৰ্যসূচীৰে আজি ধেমাজিলৈ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিনযোৰা কাৰ্যসূচীৰে আজি ৰাওনা হৈছে ধেমাজিলৈ । পুৱা ১০.৩০ বজাত বৰঝাৰস্থিত বিমানবন্দৰৰ পৰা ডিব্ৰুগড় অভিমুখে ৰাওনা হোৱাৰ পাচত বগীবিল হৈ চিলাপথাৰত উপস্থিত হ’ব মন্ত্ৰীগৰাকী । মন্ত্ৰী শৰ্মাই ১২.৩০ বজাত মালিনী থআন দৰ্শন কৰি চিলাপথাৰত গড়কাপ্টানী বিভাগৰ এটা অতিথিশালাৰ আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পাছতে ২.৩০ বজাত ধেমাজি অসামৰিক চিকিৎসালয়ত নতুন স্থাপন কৰা কিডনী ডায়েলাইছিছ কেন্দ্ৰটো মুকলি কৰি এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । তাৰ পিছতে ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি গোগামুখত ৰাতিটো কটাই কাইলৈ পুৱা ঢকুৱাখনালৈ ৰাওনা হ’ব । ঢকুৱাখনা অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা , লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ উদ্বোধন কৰি আন কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে ।

You might also like