নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ আগন্তুক বিহু আৰু গুড ফ্ৰাইডে পালন সন্দৰ্ভতো মঙলবাৰে ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ বিনম্ৰতাৰে অনুৰোধ জনায় । খ্ৰীষ্ট ধৰ্মৰ লোকসকলক গীৰ্জালৈ নগৈ ঘৰতেই গুড ফ্ৰাইডেৰ যি উপাসনা সেয়া কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।
ইফালে, অসমীয়াৰ বাপতি সাহোন বিহুক লৈ এইবাৰ যাতে ৰাজহুৱা মঞ্চত কোনো গোট নাখায় তাৰ প্ৰতিও আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে । বিহুৰ দিনা পুৱাই প্ৰতিখন বিহু সমিতিৰ পাঁচজন সদস্যক বিহুৰ পতাকা উত্তোলন কৰি তাতেই বিহু সামৰিবলৈ অনুৰোধ জনালে হিমন্ত বিশ্ব শৰ্মাই । পৰিস্থিতি ভাললৈ আহিলে আগন্তুক সময়ত এই বিষয়ে আলোচনা কৰা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে এই ভয়াৱহ সময়ত নিজ নিজ ঘৰতেই নিজৰ অনুষ্ঠানসমূহৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই ।