নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ প্ৰলোভনৰে যুৱতীক ধৰ্ষণ-হত্যা, নৈত উদ্ধাৰ অৰ্ধনগ্ন মৃতদেহ

কৰিমগঞ্জ আৰক্ষীৰ জালত অভিযুক্ত

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ কালিগঞ্জত। কাকৰা নৈত বস্তাত বান্ধি থোৱা অবস্থাত এগৰাকী যুৱতীৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। বিয়াৰ প্ৰলোভন দি এগৰাকী যুৱতীক ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। ৩ জানুৱাৰীত এগৰাকী যুবতী নিৰুদ্দেহ হৈ থকা বুলি এজাহাৰ দাখিল কৰিছিল এজন লোকে। এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছিল কিন্তু আজি অৰ্ধনগ্ন অৱস্থাত কাকৰা নৈত উদ্ধাৰ হোৱা মৃতদেহটো নিৰুদ্দিষ্ট যুৱতীগৰাকীৰ বুলি চিনাক্ত হোৱাৰ পাছত আৰক্ষীয়ে আটক কৰে ফয়জুল মিঞা, ছাদ্দাম হুছেইন আৰু আজমল হুছেইন নামৰ যুৱককেইজনক। আৰক্ষীৰ মতে এই তিনি যুৱকে ধৰ্ষণ কৰি হত্যা কৰিছে যুৱতীগৰাকীক আৰু অপহৰণ কাৰ্যত ব্যৱহাৰ হোৱা MZ-06-1481 নম্বৰৰ এখন ছুম’ গাড়ী জব্দ কৰে আৰক্ষীয়ে।

                   কিন্তু ৰহস্যজনক ভাৱে আটকাধীন যুৱককেইজনে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে আন এক ঘটনা। ফয়জুল মিঞা নামৰ যুৱকজনে যুবতীগৰাকীক বিয়া পাতিবলৈ পলুৱাই নিয়াৰ পথত গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত যুৱতীগৰাকীৰ মৃত্যু ঘটে আৰু সমগ্ৰ ঘটনা গাপ দিয়াৰ বাবে যুবতীগৰাকীৰ মৃতদেহ নৈত পেলাইছিল বুলি মন্তব্য কৰে ধৃত যুৱককেইজনে। আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হৈ পৰিব ঘটনাৰ ৰহস্য।

You might also like