নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আৰম্ভ হ’ল দৈজিং উৎসৱ

বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুকলি কৰিলে দৈজিং উৎসৱ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ চিৰাঙৰ আই নদীৰ পাৰত আজিৰে পৰা আৰম্ভ হ’ল দৈজিং উৎসৱ ৷

আজি উক্ত উৎসৱ মুকলি কৰে বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷

বাৰ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই উৎসৱখনি আজিৰে পৰা ৭ জানুৱাৰীলৈ চিৰাঙৰ আই নদীৰ পাৰত অসম পৰ্যটন বিভাগৰ সহযোগত আৰু বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব। যাৰ বাবে এতিয়া চিৰাঙত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৷

ইপিনে এইবাৰ দৈজিং উৎসৱৰ বিশেষ আকৰ্ষণ হ’ব হেলিকপ্তাৰ ৰাইডিং, হাতী চাফাৰী, জীপ চাফাৰী, চাইক্লিং, ব’টিং, শ্বুটিংৰ ব্যৱস্থাৰ লগতে থাকিব হট এয়াৰ বেলুন ৰাইড, পেৰাগ্লাইডিং আদি ৷

উল্লেখ্য যে এই দৈজিং উৎসৱত স্থানীয় পৰ্যটনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কলা-কৃষ্টি আৰু জনগোষ্ঠীয় কলা সংস্কৃতি আদি ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে ৷ ইয়াৰোপৰি ৰাজ্যৰ লগতে বাহিৰৰ পৰা অহা শিল্পীৰ সংগীতানুষ্ঠানৰো আয়োজন কৰা হৈছে ৷

You might also like