নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ ৰাজ্যত সংঘটিত প্ৰায় ৫০০ কোটি টকীয়া বীমা কেলেংকাৰীত জড়িত আৰু তিনিজন অভিযুক্ত বৰপেটা আৰক্ষীৰ জালত পৰিছে । ধৃত অভিযুক্তকেইজন হ’ল – মহম্মদ মফিজুদ্দিন, চিৰাজুল হক আৰু হবিবৰ ৰহমান । ইয়াৰে মহম্মদ মফিজুদ্দিন তাপাজুলি বিদ্যাভৱন হাইস্কুলৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষক ৷ মফিজুদ্দিনৰ ঘৰ বৰপেটা জিলাৰ জনিয়াত৷ মফিজুদ্দিনে আবুল হুছেইন নামৰ এজন অস্তিত্বহীন ব্যক্তিৰ নামত প্রদান কৰিছিল ভুৱা শিক্ষাগত প্রমাণ–পত্র ৷ উক্ত প্রমাণ–পত্রৰে আবুল হুছেইনৰ নামত বীমা কৰি পাছত লোকজনৰ মৃত্যু হোৱা বুলি দেখুৱাই উলিয়াই নিছিল বৃহৎ পৰিমাণৰ বীমাৰ ধন ৷
আনহাতে, ধৃত আনজন শিক্ষক চিৰাজুল হক খান কয়াকুছি প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক ৷ চিৰাজুল হকৰ ঘৰ সৰুক্ষেত্রীৰ কয়াকুছিত ৷ চিৰাজুল হক খানে মইনুদ্দিন আহমেদ নামৰ এজন লোকৰ নামত মৃত্যুৰ পাছত ভুৱা পলিচী কৰি বীমাৰ ধন উলিয়াইছিল ৷ আনহাতে, হবিবৰ ৰহমান হৈছে বীমাৰ এগৰাকী দালাল ৷ ঘৰ বৰপেটা জিলাৰ গাগলমাৰীত ৷ বীমা কেলেংকাৰিটোৰ তদন্তকাৰী বিষয়া বৰপেটাৰ উপ–আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুকুৰবাৰে তিনিওজনকে আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে বীমা কেলেংকাৰিটোৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিপূর্বে বৰপেটা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল ২০জন অভিযুক্তক ৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাসকলৰ ভিতৰত আছে তিনিজনকৈ চিকিৎসক, বীমা কোম্পানীৰ বহিঃৰাজ্যৰ শীর্ষ পদাধিকাৰী বিষয়া, বীমা কোম্পানীৰ বিষয়া, বীমা এজেণ্ট, গাঁওবুঢ়া, চৰকাৰী চাকৰিয়াল আৰু দালাল৷ বীমা কেলেংকাৰিত জডিত ২০গৰাকী অভিযুক্তৰ বিৰুদ্ধে বৰপেটাৰ আৰক্ষীয়ে ন্যায়ালয়ত ইতিমধ্যে চার্জশ্বীট দাখিল কৰিছে ৷ বৰপেটা আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা ১৯০৭/১৮ নম্বৰৰ গোচৰৰ তদন্তৰ অন্তত ন্যায়ালয়ত এই চার্জশ্বীট দাখিল কৰা হৈছে ৷ উল্লেখ্য যে মৃত ব্যক্তিৰ নামত ভুৱা পলিচী খুলি এটা বৃহৎ চক্রই বীমা কোম্পানীসমূহৰ পৰা লাখ লাখ টকা উলিয়াই নিছিল ৷ ৰাজ্যখনৰ কেইবাখনো জিলাত সংঘটিত এই কেলেংকাৰি সন্দর্ভত অসমীয়া যুৱ মঞ্চৰ সচিব জিতুল ডেকাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে ৷ ইয়াৰ পাছতে বৰপেটা জিলাত সংঘটিত বীমা কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰে বৰপেটাৰ আৰক্ষীয়ে ৷
বৰপেটাৰ সদৰ উপ–আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই এই গোচৰৰ তদন্ত চলাই কেইবাটাও বীমা কোম্পানী আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা বহু নথি–পত্র জব্দ কৰে ৷ ইয়াৰ লগতে আৰক্ষীয়ে কেইবাগৰাকীও লোকৰ বেংকৰ পাছবুক জব্দ কৰে ৷ সমগ্র নথি–পত্র পৰীক্ষা–নিৰীক্ষাৰ অন্তত আৰক্ষীয়ে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক, গাঁওবুঢ়া, বীমা কোম্পানীৰ এজেণ্ট আৰু মৃত ব্যক্তিৰ পত্নীসহ পূর্বে ২০গৰাকী অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছিল ৷ শুকুৰবাৰে পুনৰ বৰপেটাৰ আৰক্ষীয়ে এই কেলেংকাৰিত জডিত থকাৰ অভিযোগত তিনিজনক আটক কৰে ৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা তিনিওজনকে বৰপেটাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷ আদালতে তিনিওজনকে দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্রেৰণ কৰে ৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, ইতিমধ্যে এই কেলেংকাৰিত জড়িত কেইবাজনকো আৰক্ষী চিনাক্ত কৰিছে ৷ ইয়াৰে কেইবাজনো বহিঃৰাজ্যৰ বাসিন্দা ৷ বৰপেটাৰ আৰক্ষীয়ে এইসকলকো আটক কৰাৰ বাবে অভিযান চলাই আছে ৷