নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক বৃহস্পতিবাৰে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই পুনৰ বৰপেটাৰ কাৰাগাৰৰ পৰা গ্রেপ্তাৰ কৰে৷
মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই জানিবলৈ দিয়া মতে, শৃংখল চলিহাৰ বিৰুদ্ধে অপৰাধ শাখাত ৰুজু হোৱা ১/২০১৯ নম্বৰৰ এটা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰা হৈছে৷
লক্ষণীয় যে ‘কা’বিৰোধী আন্দোলনত চৰকাৰবিৰোধী স্থিতি গ্রহণ কৰা চলিহাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত চিআইডিয়ে এটা গোচৰ ৰুজু কৰি ডিব্রুগড়ৰ বৰবৰুৱাৰ পৰা ২৩ ডিচেম্বৰত গ্রেপ্তাৰ কৰিছিল৷
চিআইডিৰ জিম্মাত থকাৰ পাছত চলিহাক বৰপেটা কাৰাগাৰলৈ প্রেৰণ কৰিছিল৷ উল্লেখ্য যে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শৃংখল চলিহাৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰা হৈছিল৷ কিন্তু ন্যায়ালয়ে জামিন আবেদনৰ ৰায়দান সংৰক্ষিত ৰাখিছে৷
ইতিমধ্যে যিটো গোচৰত চলিহাক গ্রেপ্তাৰ কৰা হৈছিল, সেই গোচৰটোত জামিন লাভ কৰিলেও তেওঁ মুকলি আকাশৰ তললৈ ওলাই অহাৰ আশা ক্ষীণ৷