নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ মহামাৰী কৰণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতে ৰাজ্যত দিয়া ২১ দিনৰ লক ডাউন অব্যাহত থকাত বহু লোকৰ ঘৰত দেখা দিছে খাদ্যৰ নাটনিয়ে । যাৰ ফলত কিছু লোকে বৰ্তমানো পোৱা নাই খাদ্য সামগ্রী । খাদ্য সংকটৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্য কামৰূপ জিলাৰ বেজেৰা গাঁৱৰ চৰকাৰী কৰ্মচাৰী আৰু কেইবাগৰাকী পেঞ্চনাৰ ব্যক্তিয়ে গ্রহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ । ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে সকলো চৰকাৰী কৰ্মচাৰী একগোট হৈ এক সহস্রাধিক দৰিদ্ৰ লোকক সহায় কৰাৰ বাবে ওলাই আহে। আজি বেজেৰা, শালমাৰা, ৰাজখোৱা পাৰা, ভৰালিপাৰা, মহাজন চুবুৰী, বেজপাৰা, ভোমোলাহাটী আদি অঞ্চললৈ মালবাহী গাড়ীৰে খাদ্য সামগ্রী সমূহ বিতৰণ কৰে। চৰকাৰী কৰ্মচাৰী সকলে নিজে সকলো খাদ্য সামগ্রী পিকেটিং কৰি গাঁৱৰ প্ৰতিটো দৰিদ্ৰ, ঠেলা চালক, ৰিক্সা চালক, অটো চালক, ক্ষুদ্র ব্যৱসায়ী, শ্ৰমিকৰ লগতে বেজেৰা অঞ্চলত ভাড়া থকা প্ৰতিটো পৰিয়ালক দুৰত্ব বজাই চাউল, দাইল, আলু, পিঁয়াজ, আটা, বিস্কুট, চাবোন আদি কেইবিধ মান অত্যাৱশ্যকীয় খাদ্য সামগ্রী সমূহ বিতৰণ কৰে । এই সময়ত প্ৰতিজন মানুহেই সমস্যাত পৰিব লগা হৈছে তথাপিও কিঞ্চিত সহায় কৰা মানসেৰে এই কাৰ্যসূচী জৰিয়তে এক সহস্রাধিক ঘৰত আজি দিনটোত এদিনৰ বাবে দৰিদ্ৰ পৰিয়াল সকলক হাহি বিৰিঙাই তুলিলে বেজেৰা গাঁৱৰ হৃদয়বান চৰকাৰী কৰ্মচাৰী সকলে। লগতে ব’হাগ বিহুৰ শুভেচ্ছা জনায় কৰণা ভাইৰাছৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতে সকলোকে নিয়মিত বিহু উদযাপন কৰিবলৈ আহ্বান জনায় ।