নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখলকাৰীৰ তাণ্ডৱত ত্রস্তমান খিলঞ্জীয়া

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ মাজমজিয়াত থকা নিকামূল সত্রৰ প্রতিও ভাবুকিৰ সৃষ্টি কৰিছে অবৈধ নাগৰিকে৷ বেদখলকাৰীৰ কবলত পৰিছে সত্রৰ সমীপত থকা চৰকাৰী ভূমি৷ আনকি অবৈধ বেদখলকাৰীয়ে এইবাৰ ধর্মৰত্ন গহন চন্দ্র গোস্বামীৰ নামত থকা ডদ্যানতো আক্রমণ চলাইছে৷ অবৈধ নাগৰিকৰ দপ্দপনিত ত্রস্তমান খিলঞ্জীয়া লোক৷ হাতত অস্ত্র লৈ আক্রমণৰ বাবে ডদ্যত হয় সন্দেহযুক্ত লোক৷ ডল্লেখ্য যে সত্রাধিকাৰ গহন চন্দ্র গোস্বামী সোঁৱৰণী ডদ্যান আৰু কলাকৃষ্টিৰ বিকাশ কেন্দ্রৰ ভূমিত অবৈধ নাগৰিকে বেদখলৰ চেষ্টা চলাওঁতে স্থানীয় লোকে বাধা দিয়ে৷ সন্দেহযুক্ত নাগৰিকে হাতত অস্ত্র লৈ আক্রমণ কৰিবলৈ উদ্যত হোৱা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে৷ তেজপুৰ নিকামূল চাৰিআলিত অৱস্থিত এই ডদ্যানখনৰ সভাপতি তোষেশ্বৰ বৰা আৰু সম্পাদক অশ্বিনী বৰাই এক বিবৃতিৰ জৰিয়তে এনে কার্যৰ তীব্র বিৰোধিতা কৰি প্রশাসনৰ ডচিত তদন্ত দাবী কৰিছে৷ বিবৃতিটোত ডল্লেখ কৰা অনুসৰি ধর্মৰত্ন গহন চন্দ্র গোস্বামীৰ স্মৃতিৰক্ষাৰ বাবে ১৯৮১ চনতে স্থাপন কৰা এই অনুষ্ঠানৰ ৬০৮ নম্বৰ দাগৰ চৰকাৰী মাটিত স্মৃতি ডদ্যান, পুথিভঁৰাল, সাংসৃকতিক কেন্দ্র আৰু মঞ্চ স্থাপন কৰা হয়৷ ইয়াৰে কিছু অংশ ভূমি ৰাজহুৱা অনুষ্ঠানটোৱে ব্যৱহাৰ কৰি আছে যদিও এচাম দুষৃকতিকাৰীয়ে অনুষ্ঠানৰ দখলত থকা মাটি অবৈধভাৱে বেদখলৰ চেষ্টা চলাই আহিছে৷ অকল সেয়াই নহয় অনুষ্ঠানৰ সমীপত মৰাভৰলীৰ নৈৰ দুয়োকাষে থকা চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰিছে একাংশ সন্দেহযুক্ত লোকে৷ মৰাভৰলীৰ দলঙৰ সমীপত অবৈধভাৱে ভূমি বেদখল কৰি নির্মাণ কৰা হৈছে পকীঘৰ৷ একেদৰে নৈখনৰ মাজত বৃহৎ বৃহৎ পুখুৰী খান্দি ওখ পাৰবান্ধি মৎস্যপালন কৰিছে সন্দেহজনক লোকে৷ চৰকাৰী ভূমি অবাধে বেদখল কৰা এইসকল লোকৰ বিৰূদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই প্রশাসনে৷ কিদৰে নৈৰ দুয়োপাৰ আৰু নৈৰ মাজত থকা পলসুৱা ভূমিৰ বেদখল কৰি ব্যক্তিগত সম্পত্তি কৰাৰ সুযোগ পালে সেয়াও ৰহস্যজনক৷ আনহাতে অবাধে চৰকাৰী ভূমি বেদখল কৰাতে ক্ষান্ত নাথাকি এইবাৰ ভক্তি আৰু আস্থাৰ কেন্দ্র স্বৰূপ শ্রীশ্রী নিকামূল সত্রৰ সমীপৰ ভূমি আৰু ধর্মৰত্ন গহন চন্দ্র গোস্বামীৰ স্মৃতি বিজড়িত হৈ থকা ভূমিত বেদখলকাৰীয়ে আগ্রাসন আৰম্ভ কৰিছে৷ সচেতন ৰাইজে বেদখলকাৰীৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ জিলা প্রশাসনক আহ্বান জনাইছে৷

You might also like