বৈঠালাংছʼৰ ৰাজপথত বনৰীয়া হাতীৰ প্ৰাতঃ ভ্ৰমণ
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী – নগাওঁ জিলাৰ বৰপথাৰ উপ খণ্ড বন কাৰ্য্যালয়ৰ অন্তৰ্গত বৈঠালাংছʼৰ মাইচাম গাঁৱত যোৱা নিশা এটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি উপদ্ৰৱ চলায় । খাদ্যৰ সন্ধানত নিশ্চহ্নপ্ৰায় বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা নিশা হতীটো ওলাই আহি মাইচাম গাঁৱৰ ৰাম বাহাদুৰ চেত্ৰী, কুমুদ হাজৰিকা,প্ৰবিত্ৰ হাজৰিকা আদি কেইবাটা পৰিয়ালৰ বাৰীৰ কল, তামোল আদি ভাঙি বিস্তৰ ক্ষতি সাধন কৰে । ইফালে উক্ত গাঁৱৰ নিৰুপমা দেৱীৰ ভড়াল ঘৰ হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ভড়ালৰ ধানৰ বস্তাৰ ধান খায় ক্ষতি সাধন কৰে। স্থানীয় ৰাইজে ওৰে নিশা হাতীটো বনাঞ্চলৈ খেদি পঠিওৱাৰ চেষ্টা চলাই যদিও পুৱাৰ ভাগতহে ৰাজপথেৰেই হাতীটো বনাঞ্চলৈ গুচি যায়। ইফালে পুৱা হাতী টো ৰাছপথেৰে গৈ থকা অৱস্থাত বনৰীয়া হাতীটো চাবলৈ যথেষ্ট লোকৰ সমাগম হয় । আনহাতে স্থানীয় লোকে জানিব দিয়া মতে হাতীটোৰ এটা চকুত আঘাতৰ চিন থকাৰ লগতে ভৰি এখনত চোকা অস্ত্ৰৰে আঘাত কৰা চিন স্পষ্ট হৈ আছে ।
প্ৰেৰক – হেমন্ত কুমাৰ নাথ