নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্র খনন সন্দর্ভত তথ্য নাই ৰাজ্য চৰকাৰৰ হাতত

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ব্রহ্মপুত্র খননৰ কাম কেতিয়া আৰম্ভ হ’ব আৰু বর্তমান কি পর্যায়ত আছে সেই সম্পর্কত তথ্য নাই ৰাজ্য চৰকাৰৰ ৷ বুধবাৰে সদনত জলসম্পদ মন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা অনুসৰি ব্রহ্মপুত্রৰ খননৰ সম্পর্কত শেহতীয়া তথ্য জনাবৰ বাবে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ভাৰতৰ আভ্যন্তৰীণ জল প্রাধিকাৰীক যোৱা ২৪ ফেব্রুৱাৰীত এক পত্রযোগে (নং ডব্লিউ আৰ (জি) ২১/২০২০/২) অনুৰোধ জনোৱা হৈছিল যদিও উত্তৰ যুগুতোৱা সময়লৈ কোনো তথ্য পোৱা নগ’ল ৷ অৱশ্যে অসম চৰকাৰে ব্রহ্মপুত্রৰ খননৰ সঠিক কৌশল নিৰূপণৰ বাবে ২০১৭ চনৰ ২১ ফেব্রুৱাৰীত এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিয়ে ৷ বিশেষজ্ঞ কমিটীয়ে সেই বছৰৰে ৩১ আগষ্টত তেওঁলোকৰ প্রতিবেদন অসম চৰকাৰৰ হাতত প্রদান কৰে৷ বিশেষজ্ঞ সমিতিৰ পৰামর্শাৱলীৰ আধাৰত বর্তমানে অসম চৰকাৰে আৱশ্যক অনুযায়ী ঠাইবিশেষে গতিপথত সৃষ্টি হোৱা গেদ নিষ্কাশন কৰি নদীৰ গতিপথৰ সুচলতা বৃদ্ধিৰ বাবে শুধৰণিমূলক খননৰ প্রস্তুতি চলাইছে৷ ইয়াৰ পৰিপ্রেক্ষিতত অসম চৰকাৰে ব্রহ্মপুত্র, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ শুধৰণিমূলক খননৰ উদ্দেশ্যে যোৱা ২০১৭–১৮ বিত্তীয় বর্ষত ৰাজ্যিক দুর্যোগ সঁহাৰি পুঁজিৰ অধীনত এখন খননযন্ত্র আৰু ইয়াৰ লগতে যাৱতীয় যন্ত্রপাতি ক্রয়ৰ বাবে জলসম্পদ বিভাগৰ ১৮ কোটি টকাৰ এখন আঁচনিত প্রশাসনিক অনুমোদন দিছে৷ বিভাগে ইতিমধ্যে এইক্ষেত্রত আন্তর্জাতিক নিবিদা আহ্বান কৰি খনন যন্ত্র আৰু ইয়াৰ লগতে যাৱতীয় যন্ত্রপাতি ক্রয়ৰ বাবে ৱর্ক অর্ডাৰ দিছে৷ উক্ত খনন যন্ত্র আৰু ইয়াৰ যাৱতীয় যন্ত্রপাতি উপলব্ধ হ’লে প্রয়োজনসাপেক্ষে ঠাইবিশেষে নদীৰ গতিপথত সৃষ্টি হোৱা গেদ নিষ্কাশন কৰি নদীৰ গতিপথৰ সুচলতা বৃদ্ধিৰ বাবে শুধৰণিমূলক খননৰ ব্যৱস্থা কৰা কাম হাতত ল’ব পৰা হ’ব ৷

You might also like