নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটিছ আমোলতে অসমত আছিল আইএলপি

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ অসমত বলবৎ হৈছিল ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা । সাম্প্ৰতিক প্ৰেক্ষ্পটৰ বাবে অতি গুৰুত্বপূৰ্ণ এই তথ্য পোহৰলৈ আহিছে অসম ৰাজ্যিক অভিলেখাগাৰ’ত সংৰক্ষিত নথিৰ পৰা । বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেচন-১৮৭৩ ৰ অধীনত ব্ৰিটিছ আমোলতেই অসমত আইএলপি প্ৰযোজ্য আছিল । এই ক্ষেত্ৰত অসমৰ তিনিখন জিলাৰ তথ্য আর্কাইভৰ নথিত পোৱা গৈছে৷ আর্কাইভত সংৰক্ষিত হৈ থকা চৰকাৰী জাননী অনুসৰি ১৯০৬ চনৰ ৬ জুনত তেতিয়াৰ কামৰূপ জিলাত, ৭ জুনত গোৱালপাৰা জিলাত আৰু ১৯৩৪ চনৰ ৪ জানুৱাৰীত শিৱসাগৰ জিলাতসম–পূর্ববং লেফটেনেণ্ট জেনেৰেলে বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ লেগুলেচনৰ অধীনত আইএলপি প্রৱর্তন কৰিছিল৷ লক্ষণীয়ভাৱে সেইসময়ৰ তথা অবিভক্ত গোৱালপাৰা জিলাৰ সীমা উত্তৰ–পূব আৰু দক্ষিণ–পূব দিশে মানাহ নৈত থকা ৭৯নং পিলাৰলৈ আৰু দক্ষিণে ভূটান সীমান্তলৈ বিস্তৃত আছিল৷ সেইদৰে কামৰূপ জিলাৰ সীমা পূবলৈ আছিল বৰনদী পর্যন্ত৷ তেতিয়াৰ শিৱসাগৰ জিলাখনৰ ভৌগোলিক পৰিসৰো যথেষ্ট বহল আছিল৷ জিলাখনৰ সীমা দক্ষিণে আছিল টাওকাক নৈৰ পৰা টীয়ক নৈলৈকে৷ জিলাখনৰ সীমাই টিংক নৈ, টিৰা নৈ, লংকাজান আৰু দিছাং নৈ পর্যন্ত সামৰি লৈছিল৷ সেই সময়ত প্রকাশিত চৰকাৰী জাননীত আইএলপিৰ প্র–পত্রৰ নমুনাও দাঙি ধৰা হৈছিল৷ অবিভক্ত কামৰূপ জিলাত আইএলপি বলৱৎ কৰাৰ পাছতহে বালিপাৰা ফ্রণ্টিয়াৰ এলেকা, লখিমপুৰ ফ্রণ্টিয়াৰ এলেকা আৰু শদিয়া ফ্রণ্টিয়াৰ এলেকাত আইএলপি প্রযোজ্য কৰা হৈছিল৷ ডল্লেখ্য যে এই তিনিওটা এলেকাক একত্রিত কৰি তেতিয়া নামকৰণ কৰা হৈছিল ডত্তৰ–পূব ফ্রণ্টিয়াৰ এলেকা (নেফা) হিচাপে৷ কালক্রমত এই নেফাই অৰুণাচল প্রদেশ নামেৰে আত্মপ্রকাশ কৰিছিল৷ আনহাতে, নাগা হিল্ছ (বর্তমানৰ নাগালেণ্ড) আৰু লুচাই হিল্ছ (বর্তমানৰ মিজোৰাম)–এ আইএলপি লাভ কৰিছিল ক্রমে ১৯২৯ আৰু ১৯৩০ চনত৷ এই তিনিখন ৰাজ্যত আজিও আইএলপিবলৱৎ হৈ আছে৷ ইয়াৰ বিপৰীতে অতি ৰহস্যজনকভাৱে অসমৰ পৰা আইএলপি প্রত্যাহাৰ কৰা হৈছিল৷ পিছে অসমৰ পৰা কেতিয়া আইএলপি প্রত্যাহাৰ কৰা হ’ল, তাৰ কোনো তথ্য ৰাজ্য চৰকাৰৰ আর্কাইভত মজুত নাই৷ অসমত আইএলপি প্রত্যাহাৰ কৰা হ’ল, নে সময়ৰ লগে লগে ইয়াৰ বিলুপ্তি ঘটিল, সেয়া এতিয়াও ৰহস্যৰ আৱর্তত৷ আর্কাইভত থকা নথিৰ তথ্য অনুসৰি ১৮৭৩ চনত ভিক্টোৰীয়া আইনৰ ৩৩সংখ্যক অধ্যায়ৰ ৩নং দফাৰ ১ৰ অধীনত বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচন গৃহীত কৰা হৈছিল৷ এই নিয়মৰ যোগেদি অনুমতি সাপেক্ষে ৰাজ্যসমূহত প্রৱেশৰ ব্যৱস্থা প্রৱর্তন কৰা হৈছিল৷ সেইসময়ৰ কামৰূপ, দৰং, শিৱসাগৰ, নগাঁও, লখিমপুৰ, গাৰো হিল্ছ, খাচী হিল্ছ, জয়ন্তীয়া হিল্ছ, নগা হিল্ছ আৰু কাছাৰ জিলাৰ নাম স্পষ্টকৈ ডল্লেখ কৰা হৈছিল আইনখনত৷ ১৮৭৩ চনৰ ১ নৱেম্বৰৰ পৰা কার্যকৰী কৰা এই নিয়ম বলৱৎ কৰাৰ সম্পূর্ণ কর্তৃত্ব প্রদান কৰা হৈছিল ৰাজ্যৰ মুৰববীৰ হাতত৷ এই নিয়মসমূহ পৰিচালিত হৈছিল ১৮৭০ চনত ব্রিটিছ সংসদত গৃহীত হোৱা ‘গৱর্নমেণ্ট অৱ ইণ্ডিয়া এক্ট’ৰ যোগেদি৷ দেশৰ স্বাধীনতাৰ পাছত ভাৰতৰ ৰাষ্ট্রপতিয়ে ১৯৫০ চনৰ ‘এডাপচন ল’ৰ জৰিয়তে বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনক ভাৰতীয় আইনী ব্যৱস্থাত অন্তর্ভুক্ত কৰিছিল৷ ব্রিটিছ আইন গ্রহণ কৰি ইয়াৰ সালসলনি ঘটোৱাৰ অধিকাৰ প্রয়োগত ভাৰতৰ সংবিধানে ৰাষ্ট্রপতিক তিনি বছৰৰ সময়সীমা বান্ধি দিছিল৷ পিছে যোৱাবছৰৰ ১১ ডিচেম্বৰত বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনৰ পৰা অসমক আঁতৰাই যি জাননী জাৰি কৰা হৈছে, সেয়া অসাংবিধানিক বুলি এতিয়া অভিযোগ উঠিছে৷ বাস্তৱত এই যুক্তিক সন্মুখত ৰাখিয়েই অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ডচ্চতম ন্যায়ালয়ত চৰকাৰৰ সংশোধনী জাননীক আজি প্রত্যাহবান জনাইছে৷ এইক্ষেত্রত সংগঠনটোৱে আজি ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে৷ যুৱ–ছাত্র পৰিষদৰ অধিবক্তা ৰুণা ভূঞাই সাংবাদিকৰ আগত প্রকাশ কৰা মতে, স্বাধীনতাৰ পাছত অসম চৰকাৰে আইএলপি সন্দর্ভত কি ব্যৱস্থা লৈছিল ক’তো তাৰ কোনো ডল্লেখ নাই৷ ৰেগুলেচনখনত ৰাজ্যৰ মুৰববীক আইএলপি কর্তন তথা বলৱতৰ সম্পূর্ণ কর্তৃত্ব প্রদান কৰা হৈছিল৷ গতিকে অসম চৰকাৰে ডচ্চতম ন্যায়ালয়ৰ যোগেদি নিজৰ স্থিতি স্পষ্ট কৰিব বুলি যুৱ–ছাত্র পৰিষদৰ অধিবক্তাগৰাকীয়ে আশাব্যক্ত কৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূর্বে যোৱা ১৩ ফেব্রুৱাৰীত সদৌ তাই আহোম ছাত্র সন্থাৰ তৰফৰ পৰাও অসমত আইএলপি প্রৱর্তন কৰিব লাগে তথা যোৱাবছৰ ১১ ডিচেম্বৰত চৰকাৰৰ সংশোধনী জাননীত প্রথমতে স্থগিতাদেশ জাৰি কৰাৰ লগতে পৰৱত্ সময়ত বাতিল কৰাৰ আর্জিৰে আন এখন লেখ আবেদন ৰজু কৰা হৈছিল৷ সংগঠনটোৰ হৈ অধিবক্তা কৌশিক চৌধুৰীয়ে আজি প্রকাশ কৰা মতে, অসমতো আইএলপি প্রযোজ্য কৰা হ’লে নাগৰিকত্ব সংশোধনী আইনৰ পৰা ৰাজ্যখনে পৰিত্রাণ লাভ কৰিলেহেঁতেন৷

You might also like