নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অসমক দেশৰ পৰা বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা শ্বাৰ্জিল ইমামক ইতিমধ্যে আনি থকা হৈছে গুৱাহাটীলৈ । অসম আৰক্ষীয়ে জিম্মাত লোৱা শ্বাৰ্জিলক ব্ৰহ্মপুত্ৰ মেইল ৰে’লৰ জৰিয়তে গুৱাহাটীলৈ আনি থকা হৈছে । মঙলবাৰে নিশা ১১.৪০ বজাত দিল্লীৰ পৰা ৰে’লৰে ৰাওনা হৈছে শ্বাৰ্জিল সহ অসম আৰক্ষীৰ দলটো ।
বৃহস্পতিবাৰে বিয়লিৰ ভাগলৈ গুৱাহাটী পাবহি শ্বাৰ্জিল ইমাম । শ্বাহীনবাগৰ এখন কাবিৰোধী সভাত অসম সম্বন্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰাৰ পাচতেই দিল্লী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল এইগৰাকী ছাত্ৰনেতাক । ইফালে, অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত ৰুজু হোৱা গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল শ্বাৰ্জিলক ।
দিল্লীত উপস্থিত হৈ অসম আৰক্ষীৰ এটা দলে দীৰ্ঘদিনে বাহৰ পাতি থকাৰ পাচতেই মঙলবাৰে শ্বাৰ্জিলক লগত লৈ ৰাওনা হয় অসম অভিমুখে ।