নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বয়স উকলি যোৱা ২৬ যোগ্য প্রার্থীক আবেদনৰ অনুমতি হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা,১১ ফেব্রুৱাৰীঃ বয়সৰ ঊর্ধ্বসীমা উকলি যোৱা সত্ত্বেও যোগ্য ২৬গৰাকী প্রার্থীক প্রাথমিক শিক্ষা বিভাগে প্রকাশ কৰা শিক্ষকৰ পদৰ বিজ্ঞাপনত আবেদনৰ অনুমতি প্রদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ অমৰ শীল আৰু ২৫গৰাকী প্রার্থীয়ে দাখিল কৰা ৯০৯/২০২০ নম্বৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ এন কে সিঙৰ বিচাৰপীঠে এই নির্দেশনা দিয়ে ৷ কাইলৈ বঞ্চিত প্রার্থীসকলে উচ্চ ন্যায়ালয়ত নির্দেশনাৰ প্রতিলিপিসহ অফলাইনযোগে প্রাথমিক শিক্ষা সঞ্চালকালয়ত আবেদন কৰিব পাৰিব ৷ উল্লেখ্য যে শেহতীয়াকৈ প্রাথমিক শিক্ষা বিভাগে ৯৬৫৩টা পদৰ ২০১৮ চনৰ বিজ্ঞাপনটো উচ্চ ন্যায়ালয়ৰ নির্দেশত অসম টেট পৰীক্ষা অনুষ্ঠিত কৰি পুনৰ মুকলি কৰি দিছিল যদিও পূর্বতে থকা বয়সৰ সময়সীমাৰ ক্ষেত্রত থকা ৰেহাই উঠাই দিছিল ৷ সাধাৰণ বর্গৰ টেট উত্তীর্ণ প্রার্থীসকলে ৩৮ বছৰ আৰু অ’ বি চি, এম অ’ বি চিসকলে ৪১ আৰু এছ চি/এছ টি প্রার্থীৰ বাবে ৪৩ বছৰ বয়স নির্ধাৰণ কৰি দিছিল৷ ইয়াৰ ফলত বহুসংখ্যক টেট উত্তীর্ণ প্রার্থীয়ে শিক্ষক পদত অনলাইন আবেদন কৰাৰ পৰা বঞ্চিত হোৱাৰ উপক্রম হৈছিল৷ কিয়নো পূর্বতে একেটা বিজ্ঞাপনত সাধাৰণ বর্গৰ প্রার্থীসকলে ৪১ বছৰ পর্যন্ত আবেদন কৰাৰ সুযোগ পাইছিল৷ ফলত একেটা বিজ্ঞাপনতে বয়সৰ নতুন সীমা নির্ধাৰণ কৰাৰ ফলত টেট উত্তীর্ণ হৈও বঞ্চিত হোৱা অমৰ শীল আৰু ২৫গৰাকী প্রার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ আজি উক্ত গোচৰটোৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ এন কোটেশ্বৰ সিঙৰ আদালতে বঞ্চিত প্রার্থীসকলক আবেদন কৰাৰ সুযোগ দিয়াৰ বাবে নির্দেশ দিয়ে৷ লগতে পৰৱর্তী শুনানিত চৰকাৰৰ পৰা বিতং তথ্য বিচাৰি জাননী জাৰি কৰে৷ আজি ন্যায়ালয়ত আবেদনকাৰীসকলৰ হৈ যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা কে কে মহন্ত আৰু সহযোগিতা কৰে কে এম মহন্ত, কমল সিং আৰু নাজনিন আহমেদে৷

You might also like