বৰমাত হূদয়বিদাৰক ঘটনা: পিতৃ–মাতৃয়ে বিক্রী কৰিলে দুই সন্তানক
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: বাক্সাৰ বৰমাত ভৰণ–পোষণ দিবলৈ অপাৰগ পিতৃ–মাতৃয়ে দুই সন্তানক বিক্রী কৰা ঘটনাই সমগ্র অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বাক্সা জিলাৰ বৰমা থানাৰ অন্তর্গত গডভিতৰ গাঁৱত সংঘটিত হৈছে এই দুর্ভাগ্যজনক ঘটনাটো৷ গাঁওখনৰ ঠাকুৰ চুপাৰ বিনন্দ দাস আৰু নীলিমা দাসে বিক্রী কৰে নিজ সন্তানক৷ ভৰণ–পোষণ দি ডাঙৰ–দীঘল কৰিব নোৱাৰাৰ বাবেই লখিমপুৰত দুই সন্তানক বিক্রী কৰা বুলি জানিব পৰা গৈছে৷ মাতৃ নীলিমা দাস আৰু আত্মীয়ই জানিবলৈ দিয়া মতে প্রায় পোন্ধৰ দিন পূর্বে জন্মলাভ কৰা কন্যা সন্তানটি কালি নিশা লখিমপুৰৰ এটা পৰিয়ালত বিক্রী কৰে৷ মাতৃ নীলিমা দাসে জানিবলৈ দিয়া মতে, এই দুর্ভগীয়া পৰিয়ালটোক ঘৰ বান্ধি দিয়াৰ প্রতিশ্রুতিৰে সন্তানটিক লৈ যায়৷ অভাৱে কোঙা কৰা নিৰক্ষৰ পৰিয়ালটোৱে জন্মৰ এমাহ নৌওঁতেই মাতৃৰ বুকুৰ মাজৰ পৰা সন্তান বিক্রী কৰা ঘটনা সহজভাৱে ল’ব পৰা নাই ওচৰ–চুবুৰীয়াই৷ চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এই পৰিয়ালটোৱে প্রায় দুবছৰ পূর্বেও আৰু এটি সন্তান বিক্রী কৰিছিল বুলি আত্মীয়ই মন্তব্য কৰিছে৷