বৰাকত ভয়ংকৰ ভূমিস্খলনত চাৰি শিশুসহ ২১ জনকৈ লোকৰ প্রাণহানি
নিয়মীয়া বাৰ্তা, ৩ জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভয়াৱহ ভূমিস্খলনত বৰাক উপত্যকাৰ তিনিখন জিলাত শিশুসহ ২১জন লোকৰ কৰুণ মৃত্যু হৈছে৷ ইয়াৰে হাইলাকান্দিত ৮ গৰাকী, কাছাৰত ৭ গৰাকী আৰু কৰিমগঞ্জত ৬গৰাকী লোকৰ মৃত্যু ঘটিছে৷
প্রাপ্ত তথ্য অনুসৰি, কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ জয়পুৰ থানাৰ অন্তর্গত কলাপুৰ গাঁৱত পুৱতিনিশা সংঘটিত ভূমিস্খলনত একেটা পৰিয়ালৰ ৭গৰাকী ব্যক্তিৰ মৃত্যু ঘটে৷ পুৱা প্রায় ৫ বজাত প্রচণ্ড শব্দ কৰি বাগৰি অহা পাহাৰৰ মাটিয়ে আৱৰি ধৰে তমজউদ্দিন লস্কৰ নামৰ ব্যক্তিগৰাকীৰ বাসগৃহ৷ সেই সময়ত লস্কৰসহ পৰিয়ালটো টোপনিত লালকাল হৈ আছিল৷ পাহাৰৰ পৰা নামি অহা শিল আৰু মাটিয়ে নিমিষতে ধ্বংসস্তূপত পৰিণত কৰা বাসগৃহটোত শুই থকা পৰিয়ালটোৰ আটাইকেইজন কবৰস্থ হয়৷ লগে লগে স্থানীয় লোকসকল ওলাই আহি মাটিত পোত যোৱা পৰিয়ালটোক উদ্ধাৰৰ বাবে চেষ্টা চলায় যদিও এজনো সদস্যক বচাবলৈ সক্ষম নহ’ল৷ চুবুৰীয়াই তিনিগৰাকী লোকক মৃত অৱস্থাত উদ্ধাৰ কৰে৷ পৰৱর্তী সময়ত এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই ঘটনাস্থলীৰ পৰা আন চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰে৷
মৃত ব্যক্তিকেইগৰাকী হৈছে– তমিজউদ্দিনৰ পত্নী আলিয়া বেগম লস্কৰ (২৫) আৰু তেওঁলোকৰ সন্তান ক্রমে আলম হুছেইন লস্কৰ (১৯), আৰিফউদ্দিন লস্কৰ (১৭), আমনা বেগম লস্কৰ (১৪), ছুমনা বেগম লস্কৰ (১২) আৰু ৰেহিমউদ্দিন লস্কৰ (৮)৷ প্রত্যক্ষদর্শীয়ে সদৰী কৰা অনুসৰি, বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণত সমগ্র অঞ্চলটোত ভূমিস্খলন অব্যাহত আছিল৷ অৱশ্যে এই ভূমিস্খলনৰ প্রবলতা বৃদ্ধিৰ আশংকা নথকাত আন দিনাৰ দৰে কালি নিশাও পৰিয়ালটো নিশাৰ আহাৰ গ্রহণ কৰি নিশ্চিন্তমনে শুই পৰিছিল৷ এই ঘটনাই সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে৷ ইপিনে, কাছাৰৰ কলাপুৰৰ হৰিনগৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা৷ এই অঞ্চলটোত একেটা পৰিয়ালৰ দুজন সদস্য গুৰুতৰভাৱে আহত হৈছে৷ তেওঁলোক হৈছে– তৈয়মুন নেছা লস্কৰ (৪৫) আৰু শ্বাহ আলম লস্কৰ (১৮)৷
অঞ্চলটোৰে লালবাবু খান নামৰ এজন ব্যক্তিৰ শিশু পুত্র ৰেহিমউদ্দিন খানো (৭) এই ভূমিস্খলনত আহত হৈছে৷ ইপিনে, হাইলকান্দি জিলাত সংঘটিত ভূমিস্খলনত চাৰি শিশুসহ প্রাণ হেৰুৱাইছে ৮গৰাকী লোকে৷ তদুপৰি আহত হৈছে তিনিজন ব্যক্তি৷ জানিব পৰা মতে, হাইলাকান্দিত ৭গৰাকী আৰু আলগাপুৰত আন এগৰাকী ব্যক্তি ভূমিস্খলনত নিহত হৈছে৷ হাইলাকান্দিৰ চক্র বিষয়া ত্রিদীপ ৰয়ে প্রকাশ কৰা অনুসৰি নিহত ব্যক্তিকেইগৰাকী হৈছে– কুতুন মিঞা লস্কৰ (৪০), জুলফানা বেগম লস্কৰ (৩২), চুক্রানা বেগম লস্কৰ (৬), ৰিজুৱানা বেগম লস্কৰ (৪), সুমনা বেগম লস্কৰ (৮), ছানমানি মল (৫) আৰু মতিউৰ ৰহমান লস্কৰ (৭০)৷
আনহাতে, আলগাপুৰৰ চক্র বিষয়া পি কে গুপ্তাই সদৰী কৰা অনুসৰি ভূমিস্খলনত নিহত আন এগৰাকী ব্যক্তি হৈছে ৰূপচান সৰকাৰ৷ ঘটনা সন্দর্ভত হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত আৰ কে ডামে সদৰী কৰা অনুসৰি ঘটনা সন্দর্ভত অৱগত হোৱাৰ পিছত ভূমিস্খলন সংঘটিত হোৱা হাইলাকান্দি ৰাজহ চক্রৰ মোহনপুৰ গ্রাণ্টত স্থানীয় আৰক্ষী আৰু এছডিআৰএফৰ লোক উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ একেদৰে আলগাপুৰ ৰাজহ চক্র অন্তর্গত চান্দিপুৰ গ্রাণ্টতো উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়৷ পুৱতিনিশাৰ পৰাই আৰম্ভ হোৱা অভিযানত উদ্ধাৰ হোৱা মৃতদেহসমূহ জিলা হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হয়৷ একেদৰে আহতসকলক উন্নত চিকিৎসাৰ বাবে হাস্পতালত ভর্তি কৰোৱা হয়৷ সমান্তৰালভাৱে কৰিমগঞ্জ জিলাৰ কালিগঞ্জৰ পি’পিৰ অধীনৰ ৰহিমপুৰতো নিশা সংঘটিত হয় ভয়াৱহ ভূমিস্খলন৷ ইয়াতো ভূমিস্খলনত ৬গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে৷ ইয়াৰে পাঁচজন একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে৷ আৰক্ষী আৰু এছডিআৰএফৰ লোকে ঘটনাস্থলীৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰে৷
ৰহিমপুৰত মৃত্যুক সাবটি লোৱাসকলৰ হৈছে– আজিজউদ্দিন (৫৭), ৰেজিয়া বেগম (৪০), আফতাৰ হুছেইন (১০), আমিৰ হুছেইন (৭), তাহেৰা বেগম (৫০) আৰু জয়নাল বেবী (১৪)৷ এই ভূমিস্খলনত আন ১০জন লোক আহত হোৱাৰ লগতে এটা গৰুৰ মৃত্যু ঘটিছে৷ এখন বাইকো পাহাৰৰ মাটিয়ে পুতি পেলোৱা বুলি জানিব পৰা গৈছে৷ এই শোকাৱহ ঘটনাত শোক প্রকাশ কৰিছে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ এক টুইটযোগে ৰাষ্ট্রপতিগৰাকীয়ে এয়া এক শোকাৱহ ঘটনা বুলি উল্লেখ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা প্রকাশ কৰে৷ ঘটনাত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এয়া এক অত্যন্ত দুর্ভাগ্যজনক ঘটনা বুলি তেওঁ উল্লেখ কৰে৷ ইপিনে, ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে মুখ্যমন্ত্রীয়ে উদ্ধাৰ অভিযান ক্ষিপ্রতৰ কৰি তুলিবলৈ নির্দেশ দিয়ে৷ তদুপৰি ভূমিস্খলনত নিহত লোকসকলৰ নিকটাত্মীয়লৈ এককালীন সাহায্য প্রদান কৰিবলৈ নির্দেশ দিয়ে৷ ইফালে, ভূমিস্খলনৰ এই ঘটনাৰ পিছতে হাইলাকান্দিৰ উপায়ুক্ত কার্যালয়ত এখন পর্যালোচনা সভাত অংশগ্রহণ কৰে বন আৰু পৰিৱেশ মন্ত্রী পৰিমল শুক্লবৈদ্যই৷ এই সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয় যে নিহত লোকসকলৰ পৰিয়ালক ২৪ ঘণ্টাৰ ভিতৰতে এককালীন সাহায্যৰ ধনৰাশি প্রদান কৰা হ’ব৷
দুই বিধায়ক ক্রমে আনোৱাৰ হুছেইন লস্কৰ আৰু ছুজামউদ্দিন লস্কৰেও এই ঘটনাত শোক প্রকাশ কৰিছে৷ আজি বিয়লি কাছাৰৰ জয়পুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে৷