নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সকলোকে লৈ অব্যাহত থাকিব উন্নয়ন

মাজুলীৰ চিকিৎসালয়ত ব্লাড বেংক উদ্বোধন মুখ্যমন্ত্রী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ দুদিনীয়া ভ্রমণসূচীৰে কালি নিজ সমষ্টি মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শনিবাৰে জিলাখনৰ কেইবাটাও গুৰুত্বপূর্ণ চৰকাৰী কার্যসূচীত অংশগ্রহণ কৰে ৷ পুৱা ১০.৩০ বজাতে গডমূৰ মহকুমা অসামৰিক চিকিৎসালয়ত মাজুলীবাসীৰ দীর্ঘদিনীয়া দাবীৰ ফলস্বৰূপে গঢ়ি উঠা এটি ৰক্ত ভাণ্ডাৰৰ উদ্বোধন কৰে ৷ এই উপলক্ষে মুখ্যমন্ত্রীয়ে গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ উক্ত ভাণ্ডাৰটিয়ে মাজুলীৰ বহুদিনীয়া দাবী পূৰণ কৰিলে বুলি মন্তব্য কৰাৰ লগতে মাজুলীবাসী যথেষ্টখিনি উপকৃত হ’ব বুলি উল্লেখ কৰে ৷ এইক্ষেত্রত ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিশেষভাৱে শলাগ লয় ৷ মুখ্যমন্ত্রীৰ আগমনৰ বাবে গডমূৰ পীতাম্বৰদেৱ মহকুমা অসামৰিক চিকিৎসালয়খন ন–কইনা সজোৱাৰ দৰে সজাই–পৰাই তোলা পৰিলক্ষিত হয় ৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে জেংৰাইমুখ ক্রিয়া প্রকল্প প্রাংগণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আৰু মাজুলী জিলা প্রশাসনৰ সহযোগত অনুষ্ঠিত ২৮খন বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১০৪.১১ কোটি টকা ব্যয়সাপেক্ষ ২৮খন বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ আধাৰশিলা স্থাপনৰ ফলক একত্রে উন্মোচন কৰি নির্মাণকার্যৰ শুভাৰম্ভ কৰাৰ লগতে একেটা অনুষ্ঠানতে মুখ্যমন্ত্রীগৰাকীয়ে প্রায় ২৫ কোটি টকা ব্যয়েৰে আউনিআটীত নির্মাণ কৰিবলৈ লোৱা মাজুলী জিলা বিজ্ঞান–প্রযুক্তি কেন্দ্র তথা তাৰকাগৃহ, প্রায় ২ কোটি টকা ব্যয়েৰে গডমূৰৰ সমীপত নির্মাণ কৰিবলৈ লোৱা মাজুলী জিলা পৰিবহণ বিষয়াৰ কার্যালয় তথা আঞ্চলিক পৰিবহণ প্রাধিকাৰীৰ কার্যালয় ভৱন, বনগাঁৱত ১১ কোটি টকা ব্যয়েৰে নির্মাণ কৰিবলৈ লোৱা ব্রহ্মপুত্র ব’ডৰ মাজুলী সাংমাণ্ডলিক কার্যালয় চৌহদৰ আধাৰশিলাৰ ফলকো একেলগে উন্মোচন কৰি আঁচনি তথা প্রকল্পকেইটাৰ নির্মাণকার্যৰ শুভাৰম্ভ কৰে৷ একেদৰে এই অনুষ্ঠানতে জলসিঞ্চন বিভাগে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন আঁচনিৰ অধীনত জিলাখনত ৰূপায়ণ কৰা ২০খন ‘সৌৰশক্তি আৰু বিদ্যুৎ শক্তিচালিত হাইব্রিড নলীনাদ জলসিঞ্চন আঁচনি’ও উদ্বোধন কৰে৷ মাজুলীত আজি মুঠ ১৪২ কোটি টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রীগৰাকীয়ে ৷

অনুষ্ঠানত প্রথমে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই ভাষণত চৰকাৰে মাজুলী জিলাত ৰূপায়ণ কৰি থকা অভিলাষী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ পিছতে যোৰহাট লোকসভাৰ সাংসদ তপন গগৈয়েও তেওঁৰ চমু ভাষণত চৰকাৰে লোৱা আঁচনিসমূহৰ ব্যাখ্যা দাঙি ধৰি ৰাইজক ইয়াৰ সুবিধা ল’বলৈ আহ্বান জনায়৷ ইয়াৰ পিছতে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা বিভাগীয় মন্ত্রী ৰিহণ দৈমাৰীয়ে মাজুলীৰ বাহিৰে ৰাজ্যৰ কোনো এখন জিলাতে এনেকৈ ২৮খনকৈ খোৱাপানী যোগান আঁচনি একেলগে শুভাৰম্ভ হোৱা নাই বুলি কয়৷ এহ আঁচনিৰ সুফল মাজুলীৰ প্রতিটো ঘৰৰ লগতে মাজুলীত থকা সত্র, নামঘৰ, গির্জা আদি সকলোতে উপলব্ধ হ’ব বুলি তেওঁ উল্লেখ কৰে৷ ইয়াৰ পিছতে অনুষ্ঠানৰ আনগৰাকী সন্মানীয় অতিথি জলসম্পদ মন্ত্রী কেশৱ মহন্তই তেওঁৰ ভাষণ প্রসংগত মাজুলীৰ ৰাইজক পৰম সৌভাগ্যৱান বুলি উল্লেখ কৰে৷ তেওঁ কয়– মই পূর্বে মাজুলীলৈ কেইবাবাৰো আহিছোঁ৷ কিন্তু তেতিয়াৰ মাজুলী আৰু এতিয়াৰ মাজুলীৰ মাজত যথেষ্ট পার্থক্য দেখিছোঁ৷ মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্রহ্মপুত্র ব’র্ডে এতিয়াৰে পৰা মাজুলীতে থাকি কাম–কাজ আৰম্ভ কৰিব৷ আমি জলসম্পদ বিভাগেও মাজুলীৰ সুৰক্ষাৰ কোনো ত্রুটি ৰখা নাই৷ আমি জিলা নৌহওঁতেই মাজুলীত জিলা বিজ্ঞান কেন্দ্র ঘোষণা কৰিছিলোঁ৷ কিন্তু ৰাজ্যৰ সকলোতকৈ উন্নতমানেৰে ২৫ কোটি টকাৰে আমি মাজুলীত তাৰকাগৃহ তথা বিজ্ঞান কেন্দ্র কৰিবলৈ লৈছোঁ৷ যাৰ জৰিয়তে ছাত্র–ছাত্রীসকল যথেষ্টখিনি উপকৃত হ’ব বুলি তেওঁ উল্লেখ কৰে৷ ইয়াৰ লগতে ১০০ বিঘা মাটিত সোণাপুৰত বিজ্ঞান নগৰী গঢ়ি তোলাৰ বাবে প্রচেষ্টা লোৱা হৈছে৷ তাৰো কাম–কাজ শীঘ্রে আৰম্ভ হ’ব বুলি মন্ত্রী কেশৱ মহন্তই উল্লেখ কৰে৷ ইয়াৰ পিছতে অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ আগবঢ়ায়৷ তেওঁ কয় যে মাজুলীৰ ১ লাখ ৮০ হাজাৰ লোকে যাতে সন্মানসহকাৰে থাকিব পাৰে, তাৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে৷ মাজুলীৰ পানীত আর্ছেনিক আছে৷ সেই বাবে মাজুলীৰ পানী বিশুদ্ধ কৰিবই লাগিব৷ উক্ত ২৮ আঁচনিৰ কাম সঠিকভাৱে ৰূপায়ণ হ’লে মাজুলীবাসী যথেষ্টখিনি উপকৃত হ’ব৷ পানী বিশুদ্ধ হ’লেহে আমাৰ স্বাস্থ্য ৰক্ষা হ’ব৷ ইয়াৰ বাবে জলজীৱন মিছন আঁচনিৰ যোগেদি ১৩০ কোটি ভাৰতীয়ৰ বাবে দেশৰ প্রধানমন্ত্রীয়ে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ সমগ্র ৰাজ্যক নির্দেশ দিছে৷ ইয়াৰ সমান্তৰালভাৱে অসমতো ইয়াৰ কাম–কাজ আৰম্ভ হৈছে৷ অসমৰ ৩৩খন জিলাৰ ভিতৰত মাজুলীতেই ইয়াৰ প্রথম আৰম্ভণি হৈছে৷ ইয়াৰ সফল ৰূপ দিয়াত মাজুলীবাসীয়েই সহায় কৰিব লাগিব৷ ৰাইজৰ সহযোগিতা অবিহনে আমি চলিব নোৱাৰোঁ৷ বিজেপি চৰকাৰে লোৱা প্রতিটো কামত আমি সকলোৰে সহায় বিচাৰিছোঁ৷আজি বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ তৰফৰ পৰা মাজুলীত শুভাৰম্ভ হোৱা বিজ্ঞান–প্রযুক্তিবিদ্য্ কেন্দ্র আৰু তাৰকাগৃহ গুৱাহাটীত থকা বিজ্ঞান কেন্দ্রতকৈও অধিক উন্নত হ’ব বুলি তেওঁ উল্লেখ কৰে৷ যাৰ জৰিয়তে মাজুলীৰ ছাত্র–ছাত্রীসকলৰ যথেষ্টখিনি সহায় হ’ব৷ ইয়াৰ বাবে আমাৰ মাজুলীৰ বুকুত থকা শিক্ষক–শিক্ষয়িত্রীৰ সহযোগিতা আমাক লাগিব বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ আৰু কয়– মই ছাত্র সন্থাৰ সময়ত বহুবাৰ মাজুলীত আহিছোঁ৷ তেতিয়া মাজুলীৰ ৰাইজে চৰকাৰৰ পৰা সিমান গুৰুত্ব পোৱা নাছিল৷ বিশেষকৈ সুৰক্ষাৰ দিশত পিছপৰি থকা মাজুলী এতিয়া সুৰক্ষিত হ’ব৷ব্রহ্মপুত্র ব’র্ডে মাজুলীতে থাকি মাজুলীক সুৰক্ষা দিব৷ পৰিবহণ বিভাগৰ কার্যালয়কে আদি কৰি মাজুলীৰ স্বাস্থ্যখণ্ডত আজি বহুদিনীয়া দাবীৰ এটি ব্লাড বেংক স্থাপন হৈছে৷ এই সকলোবোৰ কাম–কাজত ৰাইজে চকু দিব লাগিব৷ কাম বেয়া হ’লে কাম হৈ যোৱাৰ পিছত কোৱাতকৈ কাম চলি থকাৰ সময়তে মোক জনাব৷ মাজুলীলৈ বহু হাজাৰ কোটি টকা যোৱা তিনি বছৰত আহিছে৷ এইসমূহৰ সৎ ব্যৱহাৰ হ’ব লাগিব৷ মুঠতে আমি চৰকাৰে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সকলোকে লৈ সম উন্নয়নৰ বাবে কাম কৰি আহিছোঁ আৰু আগলৈকো কৰি যাম বুলি মুখ্যমন্ত্রীয়ে শেষত উল্লেখ কৰে৷ পিছত মাজুলী–যোৰহাট সংযোগী দলং প্রসংগত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰৰ পৰা মুখ্যমন্ত্রীয়ে আঁতৰি থাকে৷ অনুষ্ঠানত ব্রহ্মপুত্র ব’ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ, পৰিবহণ আয়ুক্ত আদিল খান, মাজুলীৰ বহুকেইখন সত্রৰ সত্রাধিকাৰ, দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী মাধৱ দেউৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব সিদ্ধার্থ সিং, বিজ্ঞান–প্রযুক্তিবিদ্য্ হেমেন দাস, মাজুলীৰ উপায়ুক্ত বিক্রম কৈৰীকে আদি কৰি বহুকেইগৰাকী গণ্য–মান্য ব্যক্তি উপস্থিত থাকে ৷

You might also like