নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰোনা ভাইৰাছ সম্পৰ্কে অসমত গঢ়ি তোলা ব্যৱস্থাৰ বিষয়ে এক সংবাদমেল সম্বোধন কৰে । বৰ্তমানলৈকে অসমত ৩০৮ টা নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰে শুকুৰবাৰে পুৱা সংগ্ৰহ কৰা ৩১ টা নমুনাৰ ফলাফল আহিবলৈ এতিয়াও বাকী ।
বৰ্তমানলৈকে কোনো এজন লোকৰ শৰীৰতেই ক’ৰোনা ভাইৰাছ লাভ কৰা নাই অসমত । আগন্তুক সময়ত প্ৰতিটো চৰকাৰী নিৰ্দেশনা মানি লকডাউনৰ সময়তে নিজকে ঘৰৰ ভিতৰত ৰাখিবলৈও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।
ইফালে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালক কেৱল ক’ৰোনা ৰোগীৰ বাবে গঢ়ি তুলিবৰ বাবে আন ৰোগীসমূহৰ দায়িত্ব ব্যক্তিগত হাস্পতালক ল’বলৈ কোৱা অনুৰোধ পাচতেই এতিয়া সঁহাৰি জনাইছে প্ৰতিখন ব্যক্তিগত হাস্পতালে । কেৱল প্ৰসূতি আৰু জৰুৰীকালীন বিভাগহে থাকিব গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ।
এই মডেল অনুসৰি আগন্তুক দিনত অসম মেডিকেল কলেজ হাস্পতাল আৰু শিলচৰ মেডিকেল কলেজ হাস্পতালকো কেৱল ক’ৰোনা ৰোগীৰ বাবে গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
৭ দিন কাম কৰাৰ পাচত এজন ডাক্তৰক ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ কথাও কয় মন্ত্ৰী ড০ শৰ্মাই ।