নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্তমানৰ চৰকাৰ উন্নয়নমূলক নহয়, উৎসৱমূলক চৰকাৰ

NRCক লৈ মুখ্য ন্যায়াধীশক সমালোচনা তৰুণ গগৈৰ

গুৱাহাটীঃ ‘ৰঞ্জন গগৈয়ে এখন শুদ্ধ NRC দিব নোৱাৰিলে’ সংবাদমেলত এই মন্তব্য তৰুণ গগৈৰ। CAB আহিলে অৰ্থহীন হৈ পৰিব NRC। NRC সম্পূৰ্ণ নোহোৱাকৈ প্ৰতীক হাজেলাক যাবলৈ দিব নালাগিছিল,এতিয়া NRC জীয়াই আছে নে নাই মই নাজানো’ সংবাদমেলত কেইবাটাও গুৰুত্ৱপূৰ্ণ মন্তব্য প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীৰ। কংগ্ৰেছত আভ্যন্তৰীণ কন্দল আগৰ পৰাই আছে। মই সভাপতি হওঁতেও মোৰ বিৰোধিতা কৰিছিল।

মুখ্যমন্ত্ৰী সোণোৱালকো কটাক্ষ তৰুণ গগৈৰ। বৰ্তমান চৰকাৰখনে উন্নয়ণমূলক কামতকৈ উৎসৱমূলক কামতহে বেছি গুৰুত্ৱ দিছে বুলি মন্তব্য় তৰুণ গগৈৰ।