বৰ্ষাপাৰাত দ্বিতীয় দিনাও অব্যাহত আছে ৰাজস্থান ৰয়েলছৰ অনুশীলন
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা ৫ আৰু ৯ এপ্ৰিলত আই পি এলৰ প্ৰাক্তন চেম্পিয়ন ৰাজস্থান ৰয়েলছে ২ খনকৈ ঘৰুৱা মেচ খেলিব । যাৰ বাবে সমাগত আই পি এলক লৈ প্ৰথমটো প্ৰস্তুতি শিবিৰত অংশ লৈছে দলটোৰ বহুকেইজন খেলুৱৈৰ লগতে অসম সন্তান ৰিয়ান পৰাগেও ।
বৃহস্পতিবাৰে প্ৰথমদিনা অনুশীলনত অংশ লয় প্রাক্তন আন্তঃৰাষ্ট্রীয় তাৰকা ৰবীন উথাপ্পা, অসম সন্তান ৰিয়ান পৰাগ, অনুজ ৰাৱট, অংকিত ৰাজপুত, আকাশ সিং, মায়ংক মার্কাণ্ডে আৰু অনিৰুদ্ধ যোশীয়ে৷
? Highlights from our first training session in Guwahati ?#HallaBol | #RoyalsFamily pic.twitter.com/f86uIpCh2S
— Rajasthan Royals (@rajasthanroyals) February 28, 2020
ইপিনে আজিও দলটোৰ খেলুৱৈসকলে অনুশীলনত অংশ লৈছে । উল্লেখ্য যে অহা শনিবাৰলৈ এই অনুশীলন শিবিৰ অব্যাহত থাকিব৷
মন কৰিবলগীয়া যে ৰাজস্থান ৰয়েলছে গুৱুহাটীক দ্বিতীয়খন হোম ভ্যেনু হিচাপে ব্যৱহাৰ কৰিব ।