নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল খবৰঃ প্রতিবাদ নহয়, অসমীয়া মাধ্যমত নামভর্তিৰ সমাৱেশ

দৰঙৰ লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলে কঢ়িয়ালে আশাৰ বতৰা

নিয়মীয়া বাৰ্তা,৪ জানুৱাৰীঃ প্রতিবাদ নহয়, নামভর্তিৰ এটা বিশাল সমাৱেশেৰে উজলিল দৰঙৰ এখন চৰকাৰী বিদ্যালয় ৷ যি সময়ত শিক্ষার্থীৰ অভাৱত এখন এখনকৈ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ উপক্রম হৈছে, সেই সময়তে দৰঙৰ লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলত নামভর্তিৰ সমাৱেশে আশাৰ বতৰা কঢ়িয়াই আনিছিল । বিদ্যালয়খন মঙলদৈ আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিস্তৃত অঞ্চলক সাঙুৰি দীঘিৰপাৰৰ সমীপৱর্তী কৈকাৰা লেঙেৰীয়াঝাৰত স্থাপিত ৷ বিহত ৫–৬ বছৰ ধৰি এশ শতাংশ উত্তীর্ণৰ হাৰ দাঙি ধৰাৰ লগতে উচ্চমানবিশিষ্ট শিক্ষাদানেৰে দেওমৰনৈৰ পৰা দীঘিৰপাৰ, পাথৰিঘাটৰ পৰা জলজলি পর্যন্ত প্রায় ১০–১২ বর্গ কিলোমিটাৰজোৰা এলেকাৰ শিক্ষার্থীৰ প্রথম পছন্দ হৈ আহিছে বিদ্যালয়খন ৷ শ্রেণীকোঠা, শিক্ষকৰ অভাৱৰ পৰা অনাময় অসুবিধালৈ বিভিন্ন সমস্যাৰ মাজতো প্রতিবছৰে ১৫০–২০০ শিক্ষার্থীয়ে ষষ্ঠ শ্রেণীত নামভর্তি কৰি আহিছে ৷

২০২০ চনৰ বাবেও প্রায় ৫৮০খন প্র–পত্র পূৰণ কৰা হৈছিল নামভর্তিৰ বাবে ৷ কিন্তু বিদ্যালয়খনে ইমান সংখ্যক শিক্ষার্থীক নামভর্তিৰ সুবিধা দিব নোৱাৰিলে ৷ যাৰ বাবে শুকুৰবাৰে বিদ্যালয়খনৰ সন্মুখত বৰষুণৰ মাজতে ৬ শতাধিক লোক সমৱেত হয় আৰু প্রধান শিক্ষক বিপিন চন্দ্র বৰুৱাই নামভর্তি কৰোৱাত অসমর্থতা প্রকাশ কৰি অভিভাৱকসকলৰ ওচৰত ক্ষমা প্রার্থনা বিচাৰে ৷ প্রশ্ন হয়– লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলে যদি এনে দৃশ্যৰ অৱতাৰণা কৰিব পাৰে, আন আন চৰকাৰী বিদ্যালয়ে নোৱাৰে কিয়? চৰকাৰী বিদ্যালয় হোৱা সত্ত্বেও লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলৰ প্রতি সমাজে গভীৰ আস্থা প্রদর্শন কৰে, কিন্তু আন আন বিদ্যালয়ত নামভর্তিৰ বাবে ঘৰে ঘৰে শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি যোৱাৰ পিছতো শিক্ষার্থী প্রেৰণ নকৰে কিয়? সম্প্রতি বিজেপি চৰকাৰে লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলক অধিক পুঁজি আবণ্টন কৰি আদর্শ বিদ্যালয়ৰ মর্যাদা প্রদান কৰাৰ লগতে যিবোৰ চৰকাৰী বিদ্যালয়ৰ দুৱাৰ বন্ধ হোৱাৰ উপক্রম হৈছে তেওঁলোকক মাতি নি প্রদর্শন কৰোৱাৰ দাবী উত্থাপিত হৈছে ৷

You might also like