নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাৰ পদক্ষেপ : নাৰেংগীত বর্জনীয় প্লাষ্টিকেৰে পথ নির্মাণ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ দেশৰ অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষা কৰাৰ মাজত সীমাবদ্ধ হৈ থকা নাই ভাৰতীয় সেনা ৷ প্রাকৃতিক দুর্যোগকে ধৰি বিভিন্ন জৰুৰীকালীন সময়ত বহু জনকল্যাণমূলক সেৱাৰে দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিছে ভাৰতীয় সেনাই ৷ পৰিৱেশ প্রদূষণ হ্রাস কৰি সুস্থ বাতাৱৰণ গঢ়ি তোলাৰ বাবেও ভাৰতীয় সেনাই আঁচনি গ্রহণ কৰিছে ৷ মিলিটেৰী ইঞ্জিনীয়াৰিং ছার্ভিচ পাইলট প্রজেক্টৰ অধীনত নাৰেংগী সেনা শিবিৰত বর্জনীয় প্লাষ্টিকেৰে পথ নির্মাণৰ কাম আৰম্ভ কৰিছে ৷ প্রদূষণ হ্রাস কৰাৰ লক্ষ্যৰে নাৰেংগী সেনা শিবিৰত ১.২৪ মেট্রিকটন বর্জনীয় প্লাষ্টিক ব্যৱহাৰ কৰি ১ কিলোমিটাৰ দৈর্ঘ্যৰ পথটো নির্মাণ কৰি থকা হৈছে ৷ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে আৰু চৰকাৰে এবাৰ ব্যৱহৃত প্লাষ্টিক বর্জনৰ বাবে দিয়া আহ্বানৰ প্রতি সঁহাৰি জনাই ভাৰতীয় সেনাই নাৰেংগী সেনা শিবিৰত এক কিলোমিটাৰ দৈর্ঘ্যৰ পথটো বর্জনীয় প্লাষ্টিকেৰে নির্মাণ কৰা বুলি প্রতিৰক্ষা মন্ত্রালয়ৰ গুৱাহাটীৰ জনসম্পর্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে ৷ বর্জনীয় প্লাষ্টিক আৰু বিটুমিন ব্যৱহাৰ কৰি নির্মাণ কৰা গুৱাহাটী মহানগৰীত ১ কিলোমিটাৰ দৈর্ঘ্যৰ এইটোৱে একমাত্র পথ ৷ সম্প্রতি বর্ধিত প্লাষ্টিক আৱর্জনাৰ পৰা সৃষ্টি হোৱা প্রদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্যৰে ইয়াক পথ নির্মাণত ব্যৱহাৰ কৰাৰ বাবে বিভিন্ন পৰীক্ষা–নিৰীক্ষা কৰি থকা হৈছে ৷ তথ্য অনুসৰি প্লাষ্টিকৰ দ্বাৰা বনোৱা পথসমূহ সাধাৰণ পথৰ তুলনাত বানপানী, গৰম আদি সকলো পৰিৱেশতে বেছি বহনক্ষম হয় ৷ নাৰেংগীৰ সেনা শিবিৰৰ পাইলট প্রজেক্ট সম্পূর্ণ হ’লে দেশৰ আন আন সেনা শিবিৰতো বর্জনীয় প্লাষ্টিকৰ পৰা পথ নির্মাণ কৰা হ’ব বুলি জনসম্পর্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে ৷ উল্লেখ্য যে মহাৰাষ্ট্র, তামিলনাডু, মধ্যপ্রদেশ, মেঘালয় আদি ৰাজ্যৰ দৰে অসমতো বর্জনীয় প্লাষ্টিকেৰে পথ নির্মাণৰ বাবে পাইলট প্রজেক্ট লোৱা হৈছিল ৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত বর্ষৰ ১৯ জুলাইত এই পাইলট প্রজেক্টৰ শুভাৰম্ভ কৰিছিল ৷ গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা–দক্ষিণগাঁও সংযোগী পথটোৰ ১০০ মিটাৰ বর্জনীয় প্লাষ্টিকেৰে নির্মাণ কৰা হৈছে ৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীত প্রতিদিনে ২২০০০ কিলোগ্রাম বর্জনীয় প্লাষ্টিকৰ আৱর্জনাৰ সৃষ্টি হয় ৷ প্লাষ্টিকৰ পৰা সৃষ্টি হোৱা প্রদূষণ ৰোধৰ বাবে বর্জনীয় প্লাষ্টিকেৰে পথ নির্মাণ এক উল্লেখযোগ্য আৰু দূৰদর্শী পদক্ষেপ বুলি সচেতন মহলে প্রশংসা কৰিছে ৷

You might also like