নিয়মীয়া বাৰ্তা, ৪ মে’ : বঙাইগাঁৱত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি অহাৰ বাবে অতিৰিক্ত উপায়ুক্তক ভাৰাঘৰ খালী কৰাৰ বাবে মালিকে নির্দেশ দিয়াৰ দৰে অমানৱীয় ঘটনা সংঘটিত হয় ৷ ভাৰাঘৰৰ মালিক অৱসৰপ্রাপ্ত প্রশাসনীক বিষয়া ৰহিণী চৌধুৰী আৰু পত্নী তথা ডায়েটৰ প্রবক্তা বিপাশা চৌধুৰীৰ এনে কার্যত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ বঙাইগাঁৱৰ অতিৰিক্ত উপায়ুক্ত অনুপম চৌধুৰীয়ে বৰপাৰা–বাখাৰাপাৰা চৌধুৰীৰ অট্টালিকাৰ প্রথম মহলাত কেইবাবছৰে ভাৰা লৈ আছিল ৷ শেহতীয়াভাৱে ডেকাই ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ কামত দিনে–নিশাই ঘূৰি ফুৰাৰ ফলত চৌধুৰী নাৰাজ হৈ পৰে ৷ কর্তব্যৰ খাটিৰত ওলাই যোৱা ডেকাই ক’ৰোনাৰ বীজাণু ঘৰলৈ কঢ়িয়াই আনিব পাৰে বুলি আশংকা কৰি চৌধুৰী দম্পতীয়ে বিষয়াজনৰ লগতে পত্নীক মানসিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে ৷
এটা সময়ত নিশা বিভাগীয় কাম–কাজ শেষ কৰি ঘৰলৈ অহাটোও সহ্য কৰিব নোৱাৰা হ’ল চৌধুৰীৰ ৷ উপায়ান্তৰ হৈ বিগত তিনি দিন ধৰি ঘৰৰ সলনি প্রশাসনিক বিষয়াজনে এখন হোটেলতে নিশা যাপন কৰিবলগীয়া হৈছে ৷ শনিবাৰে সন্তানক চোৱাৰ বাবে ঘৰত উপস্থিত হয় যদিও মালিকৰ কটু মন্তব্যৰ বাবে গেটৰ পৰা উভতিবলগীয়া হয় ৷ ইয়াতে ক্ষান্ত নহৈ দেওবাৰে পুৱা ডেকাৰ পৰিবাৰক ছয় বছৰীয়া আৰু ডেৰ বছৰীয়া সন্তানক লৈ ওলাই যাবলৈ নির্দেশ দিয়ে বিপাশা চৌধুৰীয়ে ৷ এই খবৰ পাই আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ ভৱিষ্যতে জৰুৰী সেৱাত নিয়োজিত বিষয়াক এনে দুর্ব্যৱহাৰ আৰু মানসিক নির্যাতন নকৰিবলৈও মালিক পতি–পত্নীক সকীয়নি দিছে আৰক্ষীয়ে ৷ অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া আৰু প্রবক্তাৰ পৰিয়ালে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সাহসৰে যুঁজ দিয়া বিষয়াক মনোবল হ্রাস কৰা এনে কার্যক সর্বত্র গৰিহণা দিয়া পৰিলক্ষিত হৈছে ৷