নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠান উপলক্ষে অসমলৈ আগমন ঘটিছে ইজনৰ পাছত সিজন বলীউডৰ তাৰকা শিল্পীৰ ৷ কেইটামান দিনৰ বাবে যেন মায়ানগৰীত পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ পঞ্চতাৰকা হোটেলসমূহ এতিয়া সাধাৰণ ৰাইজৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে ৷ প্রিয় শিল্পীসকলক স্বচক্ষে এবাৰ চাবলৈ পুৱাৰে পৰা অসংখ্য লোকে প্রৱেশদ্বাৰত ভিৰ কৰিছে ৷ মহানগৰীৰ খানাপাৰাস্থিত হোটেল তাজ ভিভাণ্টাতো দেখা গৈছে অনুৰূপ ছবি ৷ ফিল্মফেয়াৰ এৱার্ড উপলক্ষে অসমলৈ আহি তাতেই বাহৰ পাতিছে মাধুৰী দীক্ষিত, অক্ষয় কুমাৰকে ধৰি কেইবাগৰাকীও জনপ্রিয় শিল্পীয়ে ৷ শনিবাৰে দুপৰীয়াৰ সাঁজত তেওঁলোকে অসমীয়া আহাৰৰ সোৱাদ লয় ৷ মাধুৰী দীক্ষিতে দুপৰীয়াৰ আহাৰত গ্রহণ কৰে অসমীয়া মাছৰ থালী ৷ তেওঁ কম তেল দিয়া সৰিয়হৰে বনোৱা মাছ খাবলৈ বিচাৰে ৷ আহাৰ গ্রহণ কৰি বিশিষ্ট অভিনেত্রীগৰাকীয়ে অসমীয়া থলুৱা আহাৰ অতি সাধাৰণ অথচ সুস্বাদু বুলি মন্তব্য কৰে ৷ ইফালে জনপ্রিয় অভিনেতা অক্ষয় কুমাৰে দুপৰীয়া নিৰামিষ অসমীয়া থালী গ্রহণ কৰে ৷ আয়ুস্মান খুৰানাৰ দুপৰীয়াৰ সাঁজত আছিল মানছুৰিয়ান চিকেন ৷ তদুপৰি ‘লোভ আজকাল’ চিনেমাৰ হিৰো কার্তিক আৰিয়ানে খাবলৈ বিচাৰে জহা চাউলৰ ভাত আৰু টেঙা–মাছৰ জোল ৷ ইয়াৰ বাহিৰেও বিকি কৌশল, বৰুণ ধাৱান, অনন্যা পাণ্ডে আদি অভিনেতা–অভিনেত্রীয়েও দুপৰীয়াৰ সাঁজত থলুৱা খাদ্যৰ সোৱাদ ল’বলৈ বিচাৰে ৷