নিয়মীয়া বাৰ্তা, ৫ মার্চঃ চুবুৰীয়া চীন দেশৰ পৰা বৈ অহা চিয়াং নৈৰ পানী পুনৰ অস্বাভাৱিকভাৱে ঘোলা হৈ পৰাক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিতর্ক আৰু চর্চাৰ ৷ আনকি ৰঙা চীনে চিয়াঙৰ উৎপত্তিস্থলত বৃহৎ নির্মাণকার্য চলোৱা বাবে পানী ঘোলা হৈ পৰা বুলিও অভিযোগ উত্থাপিত হৈছে ৷ কিন্তু এনে অভিযোগক নস্যাৎ কৰি জলসম্পদ মন্ত্রী কেশৱ মহন্তই বুধবাৰে বিধানসভাত জানিবলৈ দিয়া মতে, চীনৰ মাজেৰে বৈ অহা চাংপো নৈৰ কাষৰ পাহাৰৰ ভূমিস্খলন হোৱা বাবে চিয়াঙৰ পানী ঘোলা হৈছে ৷
উল্লেখ্য যে, চাংপো নৈ অৰুণাচলত প্রৱেশ কৰি চিয়াং নাম লৈছে আৰু অসমত এই নৈখনে ব্রহ্মপুত্র নাম লৈছে ৷ এনে অৱস্থাত চাংপো নৈৰ ওপৰত চীনে বৃহৎ নদীবান্ধ নির্মাণ কৰি ব্রহ্মপুত্রৰ প্রতি ভাবুকি অনাৰ সন্দেহৰ সৃষ্টি হৈছে ৷ এনে সন্দেহক তুলি ধৰি আজি বিজেপি বিধায়ক অশোক সিংঘল আৰু এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে বিষয়টো বিভাগীয় মন্ত্রীৰ দৃষ্টি আকর্ষণ কৰে ৷ অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্যপৰিচালনাৰ নিয়মাৱলীৰ ৫৪নং নিয়মৰ অধীনত বিষয়টো উত্থাপন কৰি ব্রহ্মপুত্রৰ পানীৰ ওপৰত অসমৰ অধিকাৰ নোহোৱা হোৱাৰ সম্ভাৱনাকো আঙুলিয়াই দিয়ে ৷ আনকি এনে অৱস্থাত থাকিলে খৰাং মাহত ব্রহ্মপুত্রৰ পানী শুকাই যোৱাৰ সম্ভাৱনাকো উল্লেখ কৰে ৷
বিষয়টো সন্দর্ভত গুৰুত্ব আৰোপ কৰি মন্ত্রী কেশৱ মহন্তই কয় যে ইতিমধ্যে কেন্দ্রীয় চৰকাৰক এই সম্পর্কে অৱগত কৰা হৈছে আৰু জলসম্পদ বিভাগে নৈখনৰ বিভিন্ন স্থানৰ ঘোলাপানী পৰীক্ষা কৰিছে৷ এই পৰীক্ষাত পানীত বিষাক্ত দ্রব্য নথকাটো স্পষ্ট হৈছে৷ তদুপৰি ছেটেলাইটৰ জৰিয়তে লোৱা ছবিত স্পষ্ট হৈছে যে চাংপো নৈত হোৱা ভূমিস্খলনৰ বাবে পানী ঘোলা হৈ পৰিছে৷ ইয়াৰ পূর্বেও বিগত বর্ষত একেই ধৰণে চিয়াঙৰ পানী ঘোলা হৈ পৰিছিল ৷ সেই সময়ত প্রথমবাৰৰ বাবে নৈখনৰ তথ্য চীন চৰকাৰে ভাৰত চৰকাৰক দাঙি ধৰি নৈখনত হোৱা ভূমিস্খলনৰ কথা অৱগত কৰিছিল৷ তাৰ বাবেই যে পানী ঘোলা হৈছিল, সেয়া স্পষ্ট হৈছিল ৷